মাদকতাময় নিসংগতা
সেউজ কাননে মোৰ আঙুলিবোৰ চুই চালে
বুজা নাছিলো
কঠিন শিলা ভেদি আজি
কাননৰো আকাশ চুবলৈ যে
খুব হেঁপাহ জাগিব পাৰে।
কুৰুৱাৰ অভিমানে জুখি চায়
কাননৰ চুলিকোছা,
মিলি যায় আউলি বাউলি হৈ
ঠিকনাটো মোৰ মনত থৈ
চিক্ মিক্ ৰ’দৰ বুকুত।
এখন নৈ নীলিমাই শোভা কৰা
অক্লান্ত অবিৰাম
বৈ আছে অনুভূতিৰ দৰে,
উটি গ’ল তাতে অবাঞ্চিত মনৰ বেথা
বহুদিনৰ মোৰ বহু ক্ষণৰ।
ভাবিলো―
নিসংগতাও অন্য এক মাদকতা!
ভালপোৱাৰ ৰাগি বাকি
কোনেনো দিব পাৰিব মোক
এনে মাদকতাময় বাস্তৱ।
:পাৰ্থপ্ৰতীম শৰণীয়া