মাতৃয়েই মোৰ বাবে শ্ৰেষ্ঠ – সত্যজিৎ গগৈ

PC - Shutterstock
মাতৃয়েই মোৰ বাবে শ্ৰেষ্ঠ
সত্যজিৎ গগৈ, ডিব্ৰুগড়
মাতৃ হৈছে বিশ্ৰব্ৰক্ষ্মাণ্ডৰ সকলোতকৈ শ্ৰেষ্ঠ।মোৰ বাবে পৃথিৱীখনেই মাতৃ।নিজৰ দেশ খনো মাতৃ।নিজৰ ৰাজ্যখনো মাতৃ আৰু জন্মদাত্ৰী গৰাকীও মাতৃ।সেই মাতৃয়েই হৈছে মোৰ বাবে শ্ৰেষ্ঠ।পৃথিৱী খন আছে বাবেই আমি ইয়াৰ মাটি,পানী,বায়ু সেৱন কৰি জীয়াই আছোঁ।ভাল পাওঁ বাবেই ভাৰতীয় হিচাপে স্বাধীন দেশৰ নাগৰিক বুলি গৌৰৱেৰে জীয়াই থাকিব পাৰিছোঁ।সেই বুলি অন্য দেশক বেয়া পোৱাৰ কথা ক’বলৈ যোৱা নাই।কিয়নো নিজৰ দেশক ভাল পাওঁ বুলিয়েই আনৰ দেশক বেয়া পোৱাটো নুবুজায়।নিজৰ এখন সুকীয়া ৰাজ্য থকাৰ বাবে ইয়াৰ ভাষা আৰু বাৰেৰহণীয়া সংস্কৃতিয়ে আমাক সদায় নতুন নতুন কথা শিকাই যায়।সেই ফালৰ পৰাও নিজ ৰাজ্যখন মোৰ শ্ৰেষ্ঠ মাতৃ।এই সকলোবোৰৰ উপৰিও মোক এই ধুনীয়া ধৰণীখন দেখুওৱা জন্মদাত্ৰী গৰাকীও মোৰ শ্ৰেষ্ঠ মাতৃ।কাৰণ তেওঁ মোক জন্ম দিয়াৰ পৰা আৰম্ভ কৰি জীৱনটোক সঁজাই পৰাই তুলি মানুহ হিচাপে গঢ়াত  কৰিবলগীয়া সকলো খিনিয়েই কৰিছে।এই ক্ষেত্ৰত পিতৃৰ অৰিহণাও সমানেই।যদিও আজি কেৱল মাতৃৰ বিষয়েহে আলোকপাত হৈছে।জন্মৰ আগৰ সময়খিনিত এগৰাকী মাতৃয়ে সহি থকা কষ্ট খিনি,জন্মৰ সময়ৰ কষ্ট খিনি,জন্মৰ পিচৰ পৰা প্ৰায় দুই/তিনি বছৰৰ সময়ৰ কষ্ট খিনি,তাৰ পিচত সন্তানৰ শিক্ষা জীৱনক আগুৱাই নিয়া সময়খিনিৰ কষ্ট, প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলিবলৈ সন্তানৰ সৈতে প্ৰতি মূহুৰ্ত পাৰ কৰা সময় খিনিৰ কষ্ট,সন্তানক ভাল মানুহ কৰি গঢ়িবলৈ নিজেই এগৰাকী ভাল মানুহলৈ পৰিবৰ্তন হোৱা সময়ৰ ধৈৰ্য্যশীলতা,ইমান দীঘলীয়া পৰিক্ৰমাৰ সাহস আৰু সহনশীলতাক সন্মান জনাই মই মাতৃক শ্ৰেষ্ঠ আসনত বহুৱাব খোজো।ধৰ্ম শাস্ত্ৰ সমূহতো মাতৃকেই শ্ৰেষ্ঠ আসনত বহুৱাইছে। দেৱতা সকলৰ লগতে মাতৃকো দেৱী হিচাপে প্ৰতিষ্ঠা কৰি শৰণাপন্ন  কৰোৱা হৈছে।সেয়েহে মাতৃসকলে আজিৰ দিনত বহু আগুৱাই যাবলৈ সক্ষম হৈছে। গতিকে মোৰ দৃষ্টিত মাতৃয়েই হৈছে শ্ৰেষ্ঠ।