মাজ নিশা-নিতিষ্মান দাস

Pc- istock

মাজ নিশা

নিশাৰ বুকুত সেই গভীৰ নিস্তব্ধতা,
নীলিম আকাশখনি যেন হ’ল ক’লা।
আকাশৰ সেই বিশালতা,
মনৰ মোৰ সেই গভীৰতা।
গোপন কথা যেন নিস্তব্ধতাত আছে,
নিস্তব্ধতাইও যেন মাত লগালে।
মাজ নিশা হয় নিৰ্জন পৰিৱেশ,
অসংখ্য তৰাই কৰে প্ৰৱেশ।
জোনাক নিশাৰ সেই কিৰণবোৰ,
হৃদয় যেন স্পৰ্শ কৰে মোৰ।
খিৰিকীৰে কিৰণবোৰ মজিয়াত পৰে,
চৌদিশৰ অন্ধকাৰক জোনাকী কৰিলে।
জোনটিযে নিশাৰ নিস্তব্ধতাত যেন মাতে,
মোৰ স’তে যেন, কথা পাতিবলৈ বিচাৰে।
ডাৱৰে-ডাৱৰে যেন কেতিয়াবা ঢাক খাই,
কেতিয়াবা আমাৰ ফালে পুনৰ চাই।
ওখ-ওখ বিৰিখে যেন আকাশক চুলে,
বিৰিখৰ সেই পাতে পাখি যেন শোভে।
নিৰ্জন পথত যেন কুকুৰে ভুকে,
সময় সোঁৱৰাই কুকুৰাই ডাক দিয়ে।
বনত শুনিছোঁ সেই জিলিৰ মাত,
শান্তি-সম্প্ৰীতি দিয়ে যেন মোৰ হিয়াত।
শুনিছোঁ মই সেই হুদু আৰু ফেঁচাৰ মাত,
শুনো কেতেকীৰ মাত, বসন্তৰ নিশাত।
কিবা যেন মনটো মোৰ, ভাল লাগি যায়,
অশান্ত মনে যেন শান্তি পায়।
শীত কালৰ মাজ নিশাৰ, সেই ঘন কুঁৱলী,
চাৰিওফালে যেন ধৰে আৱৰি।
এনে লাগে যেন সৰগ নামিছে,
এনে লাগে যেন ডাৱৰ সৰিছে।
মাজ নিশা যেন বয় শীতল বতাহ,
দেহে যেন পায় শীতল উশাহ।
গৰমৰ মাজ নিশাৰ, সেই জোনাকী পোহৰ,
ৰং দেখুৱাই যেন এই জীৱনৰ।
বাৰিষা কালৰ নিশাৰ সেই ধাৰাসাৰ বৃষ্টি,
পৰে চেঁচা টোপাল আৰু মেঘ থাকে গাজি।
নিশাৰ বুকুত আৰক্ষী জাগ্ৰত হৈ থাকে,
যোৱান সকলে দেশৰ সুৰক্ষা কৰে।
কিছু দানৱো নিশাতেই ওলাই,
কিবা এটা অপ কৰ্ম কৰিবলৈ চাই।
নিশা যেন নাৰীসকলৰ বাবে অসুৰক্ষিত,
নিস্তব্ধ নিশাত গ’লে বিপদ নিশ্চিত।
অচিনাকি লোকক নলগাবা মাত,
সাৱধান হ’বা কাৰণ কৰিব পাৰে আঘাত।
মাজ নিশা যেন এটি অপূৰ্ব সময়,
মাজ নিশা যেন ৰহস্যময়।

-নিতিষ্মান দাস
অষ্টম শ্ৰেণী