“মাঘ বিহুৰ লগত ভেলাঘৰৰ সম্বন্ধ”
ৰশ্মি ৰেখা দুৱৰা
অসমীয়াৰ বাপতি-সাহন মাঘৰ বিহুৰ লগত ভেলাঘৰৰ ওতপ্ৰোত সম্বন্ধ।ভেলাঘৰ আৰু মাঘ বিহু এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি।ভেলাঘৰ মাঘৰ বিহুতে সাজে।ধাননি পথাৰ বোৰ মুকলি হোৱাত গাঁৱৰ সৱে মিলি পথাৰত নৰা কাটে আৰু সেই নৰা ভেলাঘৰ সাজিবলৈ ব্যৱহাৰ কৰে।ভেলাঘৰ বাঁহৰ খুটা পুতি দুখন চালি দি নিৰ্মাণ কৰে।পৰম্পৰাগতভাৱে অতীজৰে পৰা চলি আহিছে মাঘৰ বিহুত ডেকাসকলে কেইবাদিনৰ আগৰে পৰাই মেজি ৰখীয়া হয়,আৰু মেজি ৰখিবলৈ যিটো ঘৰ সাজে তাকে ভেলাঘৰ বুলি কোৱা হয়।কিছু ঠাইত ভেলাঘৰত হাৰলি ঘৰ বুলিও কোৱা হয়।সাধাৰণতে খেৰ আৰু নৰাৰে সজা ভেলাঘৰৰ দীঘ আৰু প্ৰস্হ সমান হয়।কিন্তু সময়ৰ ধামখুমীয়াত ভেলাঘৰে ন-ন ৰূপ লৈছে।ঠাইভেদে বিভিন্ন আকাৰৰ ভেলাঘৰ সাজে।ঐতিহাসিক কীৰ্তিচিহ্নবোৰকো ভেলাঘৰ আকৃতি দিবলৈ চেষ্টা কৰে।সুনিপুণ শৈলীৰ হাতৰ পৰশত ভেলাঘৰবোৰ মোহনীয় হৈ উঠে।উৰুকাৰ দিনটোত ৰাইজে মিলি ভেলাঘৰতে এসাঁজ খায়।ৰাতিলৈ ভেলাঘৰতে জুই ফুৱাই উজাগৰে থাকি গৰখীয়া ডেকাসকলে মেজি ৰখীয়া হয়।আৰু পুৱাতে মেজি জ্বলাই ৰাইজে আশীৰ্বাদ লয়।জনবিস্বাস আছে মেজিত সেৱা কৰিলে মনৰ আশা-আকাংক্ষা পূৰ্ণ হয়।ভেলাঘৰক কলাত্মক ৰূপ দিয়াটো এক আধুনিক ৰীতি-নীতিয়ে হৈ পৰিছে।নিৰ্মাণ কৰা দেখিবলৈ পোৱা যে যায় দুই-তিনি তলা পৰ্যন্ত ভেলাঘৰ।ই এক প্ৰকাৰৰ শিল্প বুলিয়ে ক’ব পাৰি।অতীতৰ ভেলাঘৰৰ লগত বৰ্তমানৰ ভেলাঘৰৰ বহু পাৰ্থক্য লক্ষ্য কৰা যায়।অতীতত অতি সাধাৰণভাৱে সাজিছিল,মাত্ৰ ডেকাসলে মেজি ৰখিবৰ বাবে কিন্তু বৰ্তমাৰ ভেলাঘৰ প্ৰতিযোগিতামূলক হৈ পৰিছে।মানৱলোকৰ হাতৰ পৰশত নতুন নতুন ভেলাঘৰৰ জাত উঠে।দুমাহী বা মকৰ সংক্ৰান্তিৰ দিনা পুৱা মেজি জ্বলোৱা পিছমুহূৰ্ততে ভেলাঘৰটো জ্বলাই দিয়া হয়।কিন্তু বৰ্তমান সময়ত ইমান আটকধুনীয়াকৈ ভেলাঘৰ নিৰ্মাণ কৰা হয়,জ্বলাবলৈ বহুতেই বেয়া লাগে।সেইবাবে কিছুঠাইত জ্বলাই আৰু কিছু ঠাইত বহুদিন সংৰক্ষণ কৰি থোৱা দেখা যায়।ভেলাঘৰৰ লগত অসমীয়া জাতিৰ বহু পৰম্পৰা জড়িত হৈ আছে।ব’হাগ বিহু আৰু কাতি বিহুৰ দৰেই মাঘ বিহুটো আমাৰ মৰম-চেনেহৰ,অতি আদৰৰ।