মহাৰাষ্ট্ৰত কৰ’না সংক্ৰমণ বৃদ্ধি হ’লে লকডাউন বলৱৎ হ’বঃ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে

pc-Business Standard

মহাৰাষ্ট্ৰত কৰ’না সংক্ৰমণ বৃদ্ধি হ’লে লকডাউন বলৱৎ হ’বঃ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে

অনলাইন বাৰ্ত্তাসেৱা– মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে প্ৰকাশ কৰে যে মহাৰাষ্ট্ৰত কৰ’না সংক্ৰমণৰ সংখ্যা বৃদ্ধি পালে পুনৰ লকডাউন বলৱৎ কৰা হ’ব। স্বাধীনতা দিৱসৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰি  কৰ’না সম্পৰ্কীয় অধিকাংশ নিষেধাজ্ঞা সম্প্ৰতি প্ৰত্যাহাৰ কৰা হৈছে যদিও এতিয়াও কৰ’নাৰ ভাৱুকি সম্পূৰ্ণৰূপে আঁতৰি যোৱা নাই বুলি তেওঁ কয়। সম্প্ৰতি বিশ্বৰ নানা দেশত ন ন কৰ’নাৰ প্ৰকৰণ ধৰা পৰা বুলি উল্লেখ কৰি তেওঁ মহাৰাষ্ট্ৰৰ নাগৰিকক সজাগ হৈ থকাৰ পৰামৰ্শ দিয়ে। কৰ’নামুক্ত মহাৰাষ্ট্ৰ আৰু কৰ’নামুক্ত ভাৰত গঢ়াৰ বাবে নাগৰিকসমাজক আহ্বান জনায় তেওঁ।

 

(RT)