মহামাৰীৰ আৰম্ভণিৰ পৰা ২০২২ চনৰ নৱেম্বৰলৈ ভাৰতৰ বিলিয়নাৰসকলৰ সম্পত্তি প্রতিদিনে ৩,৬০৮ কোটি টকাকৈ বৃদ্ধি

Pc DNA India

মহামাৰীৰ আৰম্ভণিৰ পৰা ২০২২ চনৰ নৱেম্বৰলৈ ভাৰতৰ বিলিয়নাৰসকলৰ সম্পত্তি প্রতিদিনে ৩,৬০৮ কোটি টকাকৈ বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ আটাইতকৈ চহকী এক শতাংশ লোকৰ হাতত এতিয়া দেশৰ মুঠ সম্পত্তিৰ ৪০ শতাংশতকৈ অধিক সম্পত্তি আছে।আনহাতে দেশৰ নিম্নবিত্ত ৫০ শতাংশ লোকৰ হাতত আছে দেশৰ মুঠ সম্পত্তিৰ মাত্র ৩ শতাংশ।সোমবাৰে প্ৰকাশ পোৱা এটা নতুন অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে।ভাৰতৰ দহজন আটাইতকৈ চহকী লোকক ৫ শতাংশ কৰ আৰোপ কৰিলে ভাৰতৰ বিদ্যালয় এৰা শিশুসকলৰ ই সমগ্ৰ খৰচ পাব পৰা যাব।প্ৰতিবেদনত কোৱা হৈছে, ২০১৭-২০২১ চনৰ ভিতৰত কেৱল এজন বিলিয়নাৰ গৌতম আদানিৰ সম্পত্তিৰ বৰ্ধিত মূল্যৰ এবাৰৰ কৰ আৰোপতে ১.৭৯ লাখ কোটি লাভ কৰিব পৰা যাব।এই টকা এবছৰৰৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ পাঁচ মিলিয়নতকৈ অধিক শিক্ষক নিযুক্তি দিবলৈ পর্যাপ্ত।মহামাৰীৰ আৰম্ভণিৰ পৰা ২০২২ চনৰ নৱেম্বৰলৈ ভাৰতৰ বিলিয়নাৰসকলৰ সম্পত্তি ১২১ শতাংশ বা প্রতিদিনে ৩,৬০৮ কোটি টকাকৈ বৃদ্ধি পালে।আনহাতে ২০২১-২২ চনত সামগ্ৰী আৰু সেৱা কৰৰ (জি এছ টি) মুঠ ১৪.৮০ লাখ কোটি টকাৰ প্ৰায় ৬৪ শতাংশ আহিছে নিম্নবিত্ত ৫০ শতাংশৰ পৰা।জি এছ টিৰ কেবল ৩ শতাংশ আহিছে শীর্ষ ১০ শতাংশৰ পৰা।প্রতিবেদন মতে ২০২০ চনৰ ১০২জন বিলিয়নাৰৰ পৰা ভাৰতত ২০২২ চনত বিলিয়নাৰ ১৬৬জনলৈ বৃদ্ধি পালে।ভাৰতৰ ১০০জন আটাইতকৈ চহকী ব্যক্তিৰ মুঠ সম্পত্তি হৈছে ৬৬০ বিলিয়ন ডলাৰ (৫৪.১২ লাখ কোটি)।এই ধনেৰে কেন্দ্ৰীয় বাজেটৰ বাবে ১৮ মাহ পুঁজি যোগান ধৰিব পাৰি।