মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত পৱিত্ৰ গাংমৌ থান দৰ্শন মাননীয় মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

pc Facebook
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত পৱিত্ৰ গাংমৌ থান দৰ্শন মাননীয় মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
অনলাইন বাৰ্ত্তাসেৱা – মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত পৱিত্ৰ গাংমৌ থান দৰ্শন কৰে অসমৰ মাননীয় মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই পুণ্যথলীতে জগত গুৰুজনাই তেৰাৰ জীৱনৰ কিছু সৃষ্টিশীল সময় অতিবাহিত কৰিছিল। গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনোৱাৰ লগতে থানখনত সংৰক্ষিত সাঁচিপতীয়া পুথি-পাঁজিসমূহত চকু ফুৰাই লগতে ভকত-বৈষ্ণৱসকলৰ সৈতেও বাৰ্তালাপত মিলিত হয় মুখ্যমন্ত্ৰীজনাই। থান চৌহদত নিৰ্মীয়মাণ সংহত ভৱনস্থলী পৰিদৰ্শন কৰি ভৱনটোৰ কাম দ্ৰুততাৰে সম্পূৰ্ণ কৰাৰ বাবে থান পৰিচালনা সমিতিক সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে তেখেতে। এই দৰ্শন কালত মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত আছিল মাননীয় সাংসদ শ্ৰীপল্লৱ লোচন দাস, মাননীয় বিধায়কত্ৰয় ক্ৰমে শ্ৰীৰঞ্জিত দত্ত, শ্ৰীউৎপল বৰা আৰু শ্ৰীপ্ৰমোদ বৰঠাকুৰ।