“মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰ বৈশিষ্ট্য আৰু ইয়াৰ ভবিষ্যত”
মধ্য- যুগৰ শেষৰ ফালে পৱিত্ৰ ভাৰত ভূমিৰ ইমূৰৰ পৰা সিমূৰলৈ নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ এক আন্দোলন গঢ়ি উঠিছিল। সেইসময়ত বঙ্গদেশৰ চৈতন্যদেৱ, মহাৰাষ্ট্ৰৰ নামদেৱ,জ্ঞানেশ্বৰ আৰু তুকাৰাম, গুজৰাটৰ মীৰাবাঈ, উত্তৰ প্ৰদেশৰ তুলশীদাস, কবীৰদাস, উৰিষ্যাৰ বলোৰাম দাস, জগন্নাথ দাস, আৰু অসমৰ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ আদি উল্লেখযোগ্য।
অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক তথা এক শৰণ হৰি-নাম-ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ হাতৰ পৰশতে পঞ্চদশ শতিকাৰ শেষৰ ফালে অসমীয়া বৈষ্ণৱ-সাহিত্যৰ এক যুগান্তৰৰ সৃষ্টি হৈছিল।তেৰাই হৰি-নাম-ধৰ্ম প্ৰচাৰৰ অৰ্থে সাহিত্যক এক অমোষ মন্ত্ৰ হিচাপে লৈ ধৰ্মৰ প্ৰচাৰ কাৰ্য চলাই গৈছিল । ইয়াৰ বাবে তেৰাই কেইবাখনো গ্ৰন্থ নিজস্ব প্ৰতিভাৰে ৰচনা কৰাৰ লগতে ভাগৱতৰ কেইবাটাও স্কন্ধ আৰু ৰামায়ণৰ এটি খণ্ড সাৱলীল অনুবাদেৰে অসমীয়া প্ৰাচীন সাহিত্যক সমৃদ্ধিশালী কৰি তুলিছিল।
তেৰাই ৰচনা আৰু অনুবাদ কৰা গ্ৰন্থবোৰ হ’ল-
১) কাব্য~হৰিশচন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য,বলিচলন, অমৃত- মন্থন, কুৰুক্ষেত্ৰ,অজামিল উপাখ্যান।
২) নাট~পত্নী- প্ৰসাদ, কালিয়দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম-বিজয় ।
৩) ভক্তি-তত্ত্ব~নিমি-নৱ-সিদ্ধ-সংবাদ,ভক্তি- প্ৰদীপ,অনাদি-পাতন।
৪) গীত~ বৰগীত, ভটিমা,তোটয়।
৫) নাম-প্ৰসঙ্গ~কীৰ্তন, গুণমালা।
৬) অনুবাদ-গ্ৰন্থ~( ক) ভাগৱতৰ ১ম,২য়, ৩য়-ৰ অনাদি- পাতন,ষষ্ঠ-ৰ অজামিল উপাখ্যান,৮ম-ৰ অমৃত মন্থন,১০ম,১১শ আৰু ১২শ
(খ) ৰামায়ণৰ উত্তৰাকাণ্ড
৭) সংস্কৃত-গ্ৰন্থ ~ভক্তি-ৰত্নাকৰ ।
সেইসময়ত ভাৰতৰ আনবোৰ ৰাজ্যতকৈ অসমত বৈষ্ণৱ সাহিত্যৰ মাজেদি প্ৰকাশ পোৱা আধ্যাত্মিকতাৰ সোঁত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ-মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ সাহিত্যত অধিক স্পষ্ট আৰু শক্তিশালী ৰূপে প্ৰকাশ পাইছিল। ভাৰতীয় আলঙ্কাৰিকসকলৰ সাহিত্যত ভক্তি- ৰস বুলি কোনো ৰসৰ নাম পোৱা নগৈছিল। যিটো শঙ্কৰদেৱৰ সাহিত্যতহে বিদ্যমান।” ৰাজ-সন্মান নাইবা সামাজিক- মৰ্যদা লাভ কৰিবলৈ মহাপুৰুষ জনাই সাহিত্য সৃষ্টি কৰাৰ কোনো প্ৰমাণ পোৱা নাযায়।( শঙ্কৰদেৱৰ সাহিত্য প্ৰতিভা- ড০শ্ৰীহৰিনাথ শৰ্মাদলৈ) ।
তেৰাৰ সাহিত্যৰ মূল উদ্দেশ্যই আছিল ভগৱদ্ভক্তি প্ৰচাৰ কৰি জনগনক ঈশ্বৰ মুখী কৰা।তেৰাৰ সাহিত্যত লৌককতাপূৰ্ণ বা তামসিক বৰ্ণনাৰ একেবাৰে স্থান দিয়া নহৈছিল ( পীতাম্বৰ কবিয়ে ভাগৱতৰ দশমৰ ভাঙনি তামসিক আছিল বাবে তেওঁৰ সেই ৰচনা আঁতৰাই ৰাখিছিল)।তেৰাই সচৰাচৰ তেৰাৰ ৰচনাৱলীত সততে শাস্ত্ৰৰ দোহাই দি ধৰ্মীয় বিশ্বাসত পতিয়ন নিয়াবলৈ চেষ্টা কৰি জনতাক শাস্ত্ৰমুখী তথা ঈশ্বৰ মুখী কৰিবলৈ চেষ্টা কৰাটো তেওঁৰ এটি মহৎ গুণ আছিল।
“আমাৰ বোলে চিত্ত নেদা ঠাৰি।
একাদশ স্কন্ধে চাৱা বিচাৰি।।”
“তথাপি যদি চিত্ত নেদা ঠাৰি।
পদ্ম পূৰাণত চায়ো বিচাৰি।।”
“আমাৰ বোলে পতিয়ন নাই
দেখিয়ো সুতসংহিতা চাই।।”
অনুবাদ গ্ৰন্থ সমুহত ঈশ্বৰ ভক্তিৰ বিশেষ সহায় নোহোৱা বা নথকা কিছুমান অংশ চমুৱাইছিল বা একেবাৰে বাদ দিছিল। কিন্তু কৃষ্ণৰ গুণ বৰ্ণনা থকা অংশবোৰ বহলাই বৰ্ণনা কৰি কৃষ্ণৰ মাহাত্ম্য প্ৰকাশ কৰি মানুহক ঈশ্বৰ মুখী কৰাই আছিল তেৰাৰ মূল উদ্দেশ্য ।
কালিদাস,ভৱভূতি,ভাৱৰি,মাঘ, শ্ৰীহৰ্ষ আদি মহান কবিসকলৰ কোনো অমৰ- কাব্যৰ কোনো কথাই গুৰুজনাই তেৰাৰ সাহিত্যত অনুবাদ কৰা নাছিল।
মাধৱ কন্দলীয়ে ব্যৱহাৰ কৰা ছন্দবোৰ যেনে- পদ,দুলৰী, ছবি, ঝুমুৰ ছন্দ গুৰুজনাই তেৰাৰ ৰচনাৱলীত প্ৰয়োগ কৰাৰ উপৰিও লেচাৰী,ঝুনা,কুসুমালা আদি ছন্দ প্ৰয়োগেৰে তেৰাৰ সাহিত্য সমুজ্জল ।
বৈকুণ্ঠ নাথ ভট্টাচাৰ্য ( ভট্টদেৱ)ক প্ৰাচীন গদ্য সাহিত্যৰ জনক বুলি কোৱা হয়; কিন্তু দৰাচলতে ভট্টদেৱৰ এশ বছৰ আগতেই গুৰুজনাই গদ্য সাহিত্যৰ সৃষ্টি কৰি গদ্য-সাহিত্য-জনক বুলি কোৱাৰ যুক্তিৰ যথেষ্ট থল আছে। কাৰণ তেৰাই ৰচনা কৰা অঙ্কীয়া নাট সমূহৰ কথোপকথন (dialogue)আৰু ৰুক্মিণী হৰণ নাটত ৰুক্মিণীয়ে বেদনিধিৰ হাতত প্ৰেৰণ কৰা কৃষ্ণলৈ লিখা প্ৰেম-পত্ৰখনেই তাৰ প্ৰমাণ নহয় জানো?
দুখৰ কথাটি এনে এজন মহাপুৰুষ এইখন পৱিত্ৰ ভূমিত জন্ম গ্ৰহণ কৰাৰ পিছতো আজি আমি গুৰু বিচাৰি হাবাথুৰি খাইছোঁ,ককবকাই ফুৰিছোঁ।
সেয়ে লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছিল-
“মোক গুৰু লাগে
মই শিক্ষিত শিষ্য
জগতক জাননী দিলোঁ
জগতৰে গুৰু শ্ৰীশঙ্কৰ ঘৰতে
অন্ধলাই নেদেখিলো হে
গুৰু শঙ্কৰ”
অম্বিকাগিৰী ৰায়চৌধুৰী দেৱে দুখেৰে কৈছিল
” শঙ্কৰদেৱৰ দেখোঁ জীৱনৰ
চৰিত্ৰ কেৱল ভকতত সীমা
চৈতন্য জীৱন জগত ঘোষণ
শ্মশানত লয় শঙ্কৰ মহিমা।
মাধৱদেৱ সুকবি প্ৰধান
অসভ্য দেশত জন্মি নষ্ট নাম।
। সভ্য প্ৰদেশত জনমাহেঁতেন,
হ’লা হয় কি যশৰ ভূষণ।
উলংগ দেশৰ কাম কি ধোৱাৰ,
নোশোভে লোকক কাপোৰ সাজে।
ধিক্ অসমীয়া মানুহ নহয়
অসম শ্মশান নোহে কোনে কয়।”
তাতকৈ অতি দুখৰ কথাটি হ’ল বৰ্তমান সময়ত মহাপুৰুষ জনাকলৈ এক বৃহৎ টনাটনি আৰম্ভ হৈছে।তেৰাকলৈ কিমান যে দল, সংঘ,সন্থা গঠন হোৱা নাই?গুৰু একেজনাই কিন্তু দল- সন্থাৰ হিচাপ নাই। তাতকৈও দুখজনক কথাটি হ’ল এনে মহৎ আৰু উদাৰ নীতি য’ত জাত-পাতৰ বিচাৰ কৰা নহৈছিল-
” নাহিকে জাতি অজাতিৰ বিচাৰ।
কৃষ্ণত ভকতি সমস্তৰে অধিকাৰ।” এনে মহান বাণী থকা স্বত্বেও গুৰুজনাই প্ৰতিষ্ঠা কৰি ধৰ্মৰ প্ৰতি পিঠি দি অন্য বিজতৰীয়া ধৰ্ম গ্ৰহণেৰে গুৰু জনাক অপমান কৰাই নহয় তেৰাই সৃষ্টি কৰি থৈ যোৱা সেই সমাজ খন আজি ভাঙি চেদেলি-ভেদেলি হ’বলৈ আৰম্ভ হোৱটো এক পৰিতাপৰ বিষয়ে নহয় ই এক লজ্জাৰ বিষয়।
অসম এখন অতি ক্ষুদ্ৰ ৰাজ্য। ইয়াৰ মাটিকালি 78,438 বৰ্গকিলোমিটাৰ আৰু জনসংখ্যা প্ৰায় ৩•৫ কোটি।এনে এখন ক্ষুদ্ৰ ৰাজ্যত এগৰাকী গুৰুক লৈ যদি এনে টনাটনি চলি থাকে তেতিয়া ৰাজ্যখন প্ৰগতি হ’ব বুলি আশা কৰিব পাৰি জানো?কাৰণ ধৰ্মই হ’ল জাতি এটাৰ কৃষ্টি-সংস্কৃতিৰ মূল, প্ৰগতিৰ ধাৰক আৰু বাহক।কৃষ্টি-সংস্কৃতি বিহীন জাতি এটাৰ উত্তৰণ কেতিয়াও নিশ্চয় নহয়।
আহক আমি আটায়ে জাতি-বৰ্ণ মিলি তেৰাই পাতি থৈ যোৱা সেই সুন্দৰ সমাজখন পুনৰ পাতাৰ লগতে তেৰাই সৃষ্টি কৰি থৈ যোৱা সাহিত্য ৰাজিৰ মূল্যায়ন দিওঁ।
পদ্ম শঙ্কৰ চৌধুৰী
( ৯৭০৬৬৪৮৫৯৩)
সভাপতি
নিৰ্মাণ সমিতি।
গোৱালপাৰা জিলা শাখা
শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ