“মনালিছাৰ” চিত্ৰ অকা চিত্ৰকাৰ জন – মুন শৰ্মা

PC - The Economic Times
“মনালিছাৰ” চিত্ৰ অকা চিত্ৰকাৰ জন 
       
মুন শৰ্মা,লখিমপুৰ
বিশ্বৰ চিত্ৰশিল্প জগতৰ এখন বিখ্যাত চিত্ৰ হ’ল “মনালিছা”। সমগ্ৰ পৃথৱীজুৰি  কেইবাটাও শতিকা ৰহস্য আৰু আকৰ্ষণৰ কেন্দ্ৰ হৈ থকা এই চিত্ৰ খন  অংকন কৰিছিল  লিওনাৰ্ড’ ডা ভিন্সি নামৰ এজন চিত্ৰশিল্পীয়ে।চিত্ৰশিল্পী হোৱাৰ লগতে বিজ্ঞানী, স্থপতিবিদ, সংগীতকাৰ, সেনা অভিযন্তা, নক্ষত্ৰবিদ আদিৰে বহুমুখী প্ৰতিভাৰ গৰাকী এইজন সোণালী চুলিৰ মহান মানৱে প্ৰসিদ্ধ চিত্ৰ “মনালিছাৰ” উপৰিও লাষ্ট চাপাৰ য’ত (যীশুখ্ৰীষ্টৰ শেষ ভোজনৰ  ছবি অঁকা হৈছিল)ভাৰ্জিন এণ্ড চাইল্ড,আৰু ছেণ্ট এনে নামৰ তিনিখন বিখ্যাত চিত্ৰ আঁকিছিল।১৫০০ চনত যেতিয়া তেওঁ ফ্লোৰেঞ্চলৈ নামৰ ঠাই খনলৈ আহিছিল,তাত থকা ছয় বছৰ ভিতৰৰ কোনোবা এটা সময়ত “মনালিছা” নামৰ বিখ্যাত চিত্ৰ খন অংকন কৰা,তেখেতৰ জন্ম হৈছিল ১৪৫২চনৰ ১৫এপ্ৰিলত ইটালীৰ ভিন্সি নামৰ এখন গাঁৱত। এজন অভিযন্তাৰ পুতেক তেওঁৰ মাক আছিল এগৰাকী হোটেল পৰিচাৰিকা। তেওঁ এঠাইত প্ৰকাশ কৰা মতে ১৫০৩চনত আৰম্ভ কৰি ১৫০৬ চনত শেষ কৰিছিল বোলে এই চিত্ৰ খন। কতো কোনো তথ্য নথকা এগৰাকী ৰূপৱতী  অপূৰ্ব চাৱনি আৰু মাদকতা ভৰা হাঁহিক অকা এই চিত্ৰ খন বৰ্তমান ফ্ৰান্সৰ লোৱৰে নামৰ মিউজিয়ামত সংৰক্ষণ কৰি ৰখা আছে।চিত্ৰশিল্পী ৰূপে জগতত চিনাকি থকা এইজনা মহান পুৰুষে আৱিষ্কাৰ জগত খনতো এটাৰ পিছত এটাকৈ বহুতো আৱিষ্কাৰ কৰি মানৱ জাতিক বহু কিবা কিবি দি থৈ গৈছে। তেখেতে  হাইগ্ৰ’ মিটাৰ, অৱতল আইনা, পেৰাছুট, সাঁতোৰা পোছাক,উৰণীয়া যন্ত্ৰ, ৰাসায়নিক ধোঁৱা, বায়ুৰ গতিমাপক যন্ত্ৰ,গাড়ীৰ দূৰত্ব মাপক যন্ত্ৰ, জলঘড়ী, ভাপৰ সহায়েৰে পানী ওপৰলৈ তোলা যন্ত্ৰ আদি।  এবাৰ তেওঁ এখন ছাবমেৰিন আৱিষ্কাৰ কৰিছিল যিখনৰ নক্সাৰ সহায় লৈয়েই বৰ্তমানৰ আধুনিক ছাবমেৰিন আৱিষ্কাৰ কৰাত  সফলতা লাভ কৰিছিল বিজ্ঞানী সকলে।উল্লেখযোগ্য যে তেওঁ বহুত বস্তুৰ নক্সা অঙ্কন কৰিছিল আৰু ইয়াক এখন ডায়েৰীৰ পাতত আবদ্ধ কৰি ৰাখিছিল কাকো কোৱা নাছিল কাৰণ তেওঁ মনত এটা কথা  বাৰে বাৰে খুদিয়াইছিল যে তেওঁ অংকন কৰা নক্সা বোৰ যদি  তেওঁৰ বন্ধু বোৰ বা অন্য কাৰোবাক কওঁ তেওঁকে মোক হাঁহিব পাগল বুলি ক’ব। সেয়ে তেওঁ ইয়াক গোপনে ৰাখিছিল। তথাপি তেওঁৰ মৃত্যুৰ পাছত যেতিয়া ডায়েৰী খন সকলোৰে আগত মুকলি হৈছিল তেতিয়া ই  মানৱ জাতিৰ বাবে এখন মূল্যবান  ডায়েৰী হৈ পৰিছিল। কিয়নো পাঁচ হাজাৰ  পৃষ্ঠাৰ এই ডায়েৰী খনৰ নক্সাই পাছৰ সময়ত বহু আৱ আৱিষ্কাৰৰ বাট  মুকলি কৰিছে। এই নক্সা সমূহৰ ভিতৰত বিমান আৰু হেলিকপ্টাৰৰ নক্সা, একেৰাহে গুলী বৰ্ষণ কৰিব পৰা  বন্ধুকৰ নক্সাও আছিল।এটা সময়ত আমেৰিকাই যেতিয়া স্পেইন লগত যুদ্ধ কৰিছিল তেতিয়া ব্যবহাৰ কৰা গেটলিঙ বন্ধুক    তেওঁৰ দ্বাৰাই মূল ৰূপ পাইছিল। বৰ্তমান সময়ত যুদ্ধত ব্যবহাৰ হোৱা টেংকৰ মূলত তেওঁৰে অৱদান। একে সময়তে  দুটা কাম দুখন হাতেৰে কৰিব পৰা বিশ্বতে বিৰল  ক্ষমতাৰ গৰাকী  (এখন হাতেৰে লিখিছিল এখন হাতেৰে আঁকিছিল ) এইজন অসাধাৰণ ব্যক্তিৰ আমাৰ মাজৰ পৰা বিদায় মাগিছিল ১৫১৯চনৰ ২মেত ফ্ৰান্সত।