মই বাৰু কিমান স্বাধীন ?
শেৱালী শৰ্মা
দুলীয়াজান, ভাদৈ পাঁচআলি
স্বাধীন ত্ৰিৰংগাই আজি
মুকলি আকাশত গীত গাইছে !
স্বাধীন হোৱাৰ অন্ধ সপোন দেখি
এতিয়া মহানগৰীৰ মজিয়াত
কৰ্মৰত !
অৱসাদৰ পিতনিত নীৰৱে
শুই পৰিছো আজি
স্বাধীন দেশৰ নাৰী !
মই বাৰু কিমান স্বাধীন ?
হৃদয়ত বাজে অহৰহ
ভয়ৰ গৰ্জন !
মহানগৰীৰ মজিয়াত
সুৰাসক্ত যুৱকৰ কোলাহল
হৃদয়ত এচটা ভয়ৰ গৰ্জন লৈ
পাৰ কৰিছো প্ৰতিটো সন্ধ্যা সময়
কিছু দূৰ বাট লৈ
পুনৰ লগ পাওঁ
উৰি অহা চিগাৰেটৰ ধোঁৱাৰ
মাজেৰে পাৰ কৰা আন এটা
সময় !
বতাহ আহি থকা খিৰিকীৰ কাষত ৰৈ
আজি বেদনাৰ স্মৃতি সুঁৱৰি চকুলো নিগৰিছে!
তাহানিতে দেউতাৰ ডাঙৰ জী
মোৰ বা জনীৰ আজিৰ দিনটোতেই
নৰপিশাচৰ কবলত মৃত্যু হৈছিল !
আজিও নাপালোঁ সেই প্ৰকৃত সত্য..
মই বাৰু কিমান স্বাধীন ?
হৃদয়ত এচটা ভয়ৰ গৰ্জন লৈ
মহানগৰীৰ মজিয়াত
এতিয়া কৰ্মৰত মই গৰাকী।
