মংগলবাৰে নিশা টংলা কাউলীভাঙাত উদ্ধাৰ হ’ল এক বিৰল প্ৰজাতিৰ অজগৰ সাপ

মংগলবাৰে নিশা টংলা কাউলীভাঙাত উদ্ধাৰ হ’ল এক বিৰল প্ৰজাতিৰ অজগৰ সাপ

অমৰজিৎ ৰাভা, ওদালগুৰি, বাৰ্ত্তাসেৱা- বিটিআৰ ওদালগুৰি জিলা টংলা থানা অন্তৰ্গত টংলা কাউলীভাঙাত উদ্ধাৰ হ’ল এক বিৰল প্ৰজাতিৰ অজগৰ সাপ। জানিব পৰা মতে বিৰল প্ৰজাতিৰ অজগৰ সাপতো মংগলবাৰে সন্ধিয়া খাদ্যৰ সন্ধানত টংলা কাউলীভাঙা গাওঁৰ ই মূৰৰ পৰা সিমূৰলৈ মুক্তভাৱে বিছৰণ কৰি আছিল তেনেতে স্থানীয় লোকে সাপটো দেখি ৰাইজ আতংকিত হৈ পৰিছিল। যাৰ পৰিপেক্ষিতত স্থানীয় লোকে তৎক্ষানিক ভাৱে এবছুৰ বিষয়ববীয়া খৱৰ কৰিছিল ফলত এতিমধ্যে এবছুৰ সহযোগত বিৰল প্ৰজাতিৰ অজগৰ সাপতো উদ্ধাৰ কৰি বন বিভাগৰ হাতত চমজাই দিবলৈ সক্ষম হয় বুলি স্থানিয় লোকৰ পৰা জানিব পৰা গৈছে।