ভোট – আয়নাল হক

কথাগল্প 
ভোট
আয়নাল হক, ধুবুৰী  
” অ শুনিছেনে ?”
” কি হ’লনো ?”
“মই ভোট দিবলৈ ওলালোঁ দেই।”
“যোৱা আকৌ। কিন্তু চাই-চিটিহে ভোট দিবা। এইটো আমাৰ গণতান্ত্ৰিক অধিকাৰ।”
“ভোটটো কাক দিম বাৰু?”
“কি কোৱাহে? মই তোমাক কিয় ক’ম কাক ভোট দিব লাগে ? তুমি যাক উপযুক্ত বুলি ভাবা তেওঁকেই দিবা।নিউজবোৰ চোৱাই দেখোন।”
“হ’লেও—!”
“তোমালোক মাইকীমানুহবোৰ সঁচাকৈ দেই—! একো সিদ্ধান্ত নিজে ল’ব নোৱাৰা।”
“হ’ব হ’ব,ইমানকে জাতত ধৰি কথা ক’ব নালাগে। আপোনালোকে নিজে কি কৰে কেতিয়াবা ভাবি চাইছেনে? কালি নৰেন মাষ্টৰৰ জীয়েকৰ অঘটন ঘটোৱা কথাটো লৈ মাইকীমখাই প্ৰতিবাদ কৰিছিল।আপোনালোক মতাবোৰ ক’ত গৈছিল তেতিয়া? অন্যায়ৰ বিৰুদ্ধে মাত মতাটো আপোনালোকৰো কৰ্তব্য আছিল।”
“তোমালোক মাইকীবোৰৰ লগত আমি কিয় যাব লাগে?”
“কি কয় আপুনি? কুলাঙ্গাৰবোৰৰ বিপক্ষে মাত মতাটো সকলোৰে প্ৰয়োজন। মাইকী মানুহৰ অন্যায় হোৱাৰ বাবে কি আপোনালোক পুৰুষবোৰ নিমাত তাৰমানে?”
“সকলো কথাতে মতাবোৰে মাত নামাতে। কিছুমান ক্ষেত্ৰত আমি মুকলিকৈ মাত মাতিবলৈ অসুবিধা পাওঁ।”
” অন্যায় বা অপৰাধৰ বিৰূদ্ধে মাত মাতিবলৈ মতা বা মাইকী বুলি কোনো কথা নাই। তাতকৈ নকয় কিয় এইবোৰ ক্ষেত্ৰত গা এৰা দি আপোনালোকে কোনো সমূহীয়া সিদ্ধান্ত নলয় বুলি?”
“অ ক’ৰ কথা ক’ত লগালা হয়?ভোটৰ পৰা দানৱ পালাগৈ যে?”
” ভোট আৰু ভূত একে নহয়। অৱশ্যে বৰ্তমান ভূত আৰু ভোটৰ মাজত পাৰ্থক্য নাইকিয়া হৈ আহিছে।সকলোতে প্ৰহেলিকা।”
“হেৰা,ভোট ক’ত দিয়া দিবা। ইমান বকলা মেলিব নালাগে। নমস্কাৰহে জনালোঁ। কৃষ্ণ—!”
“দিমেই আকৌ ক’ৰবাত।দিম বুলিয়েই ওলাইছোঁ। কিন্তু মাইকী মানুহৰ জাতত ধৰি একো কথা নক’ব। নিৰ্বাচন আহিল। এতিয়া জিকা-নিজিকা লৈ পিছত আমাৰ আত্ম-সহায়ক গোটবোৰকহে টোৱাব–! উচিত সিদ্ধান্ত আমিও ল’ব জানো। কাৰণ দেশৰ মঙ্গল সকলোৰে কাম্য।”