ভোগালীত আধুনিকতা- ময়ূৰাক্ষী গগৈ

p.c assanese.sentinel assam

ভোগালীত আধুনিকতা

আধুনিকতাৰ পৰশ লাগি
অসমীয়াৰ স্বাভিমান ভোগালী বিহুটিৰ
নিজস্বতা যেন হেৰাই গৈছে।
গাঁৱত আজি শুনিবলৈ নাই
ঢেঁকীৰ গুমগুমনি।
কিয়নো লাৰু-পিঠা সকলো
ভোগালী মেলাতেই পোৱা যায়।
আদৰেৰে আলহীলৈ বুলি সজাই নিয়া
পিঠাকেইটা দুখমনেৰে ঘূৰি আহি
টেমাতহে স্থান পায়হি।
হেঁপাহেৰে সজোৱা জলপানৰ বাটি দেখি
নাক কোঁচাই দিয়া জনে আকৌ
লুচি-ভাজি পালে টকালি পাৰি খায়।
গাঁৱৰ ডেকা-বুঢ়াই মিলি
পথাৰত ধান খেৰ,নৰাৰে সজা
ভেলাঘৰ,মেজিৰ ঠাইত
নানা প্ৰতীকীৰে সজা ভেলাঘৰে স্থান পালে।
হোটেল ৰেষ্টুৰেন্টত জুতি লোৱা
আজিৰ নৱপ্ৰজন্ম সঁচাই
মেজি,ভেলাঘৰ সম্পৰ্কে অজ্ঞ।

ময়ূৰাক্ষী গগৈ
যোৰহাট।