ভেৰগাঁ‌ৱ জিলা ইউপিপিএলৰ উদ্যোগত স্বৰ্ণদেৱী কুঞ্জলতা বড়োক সম্বৰ্ধনা কাৰ্যসূচী

ভেৰগাঁ‌ৱ জিলা ইউপিপিএলৰ উদ্যোগত স্বৰ্ণদেৱী কুঞ্জলতা বড়োক সম্বৰ্ধনা কাৰ্যসূচী।।

বাৰ্ত্তাসেৱা-  ২০ঃ আগষ্ট।

“”বিটিআৰ ওদালগুৰি জিলা অন্তৰ্গত ভেৰগাঁ‌ও মহকুমা পৰিৱৰ্তে ভেৰগাঁ‌ও জিলা ইউপিপিএলৰ উদ্যোগত নেপালত অনুষ্ঠিত হোৱা ২০২০-২০২১ বৰ্ষৰ অন্ত ৰাষ্ট্ৰীয় সুংযুক্ত ভাৰতীয় খেল ফাউনন্দেছন চমুকৈ SbKF ত ভাৰতৰ হৈ অংশগ্ৰহণ কৰা ১০০ মিটাৰ আৰু ২০০ মিটাৰ মাষ্টাৰ্ছ এথলেটিকছত দুটাকৈ সোণৰ পদক লাভ কৰা বিটিআৰ ডন কুঞ্জলতা বড়োক সম্বৰ্ধনা।
“””যোৱা ১০ আগষ্টৰ পৰা ১৪ আগষ্টলৈ অনুষ্ঠিত হোৱা অন্তঃৰাষ্ট্ৰীয় খেল খনত এছিয়া মহাদেশৰ কেইবাখনো দেশৰ খেলৈয়ে অংশগ্ৰহণ কৰা ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰ প্ৰতিযোগীতাত দুটাকৈ প্ৰথমস্থান দখল কৰি বিটিআৰ তথা অসম বাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা। ওদালগুৰি জিলাৰ কলাইগাঁ‌ৱ ভকতপাৰা গাঁ‌ৱৰ নিবাসী তথা ইউপিপিএল মহিলা মঞ্চৰ জ্যেষ্ঠ কৰ্মী কুঞ্জলতা বড়োক লৈ সমগ্ৰ বিটিআৰ বাসী গৌৰৱান্বিত হৈছে,যাৰ পৰিপেক্ষিতত আজি ইউপিপিএলৰ উদ্যোগত সম্বৰ্ধনা কাৰ্য্যসূচী ৰূপায়ণ কৰে।ভেৰগাঁ‌ও জিলা ইউপিপিএলৰ সভাপতি নন্দৰাম বড়োয়ে সঞ্চালনা কৰা সভাখনত উপস্থিত থাকেক্ৰমে।৩৪ নং খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ এমচিএলএ দিলীপ কুমাৰ বড়ো।ভেৰগাঁ‌ও জিলা ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজেন বড়ো।ভেৰগাঁ‌ও জিলা ইউপিপিএলৰ সভানেত্ৰী লভিতা কছাৰী ।কেন্দ্ৰীয় ইউপিপিএলৰ সাধাৰণ সম্পাদক বাবুল বসুমতাৰীসহ ইউপিপিএলৰ কৰ্মীবৃন্দ উপস্থিত থাকি কয় যে ৰাজ্যত অন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পদক লাভ কৰি আনন্দৰ উল্লাখৰ সময়ছোৱাতে কুঞ্জলতা বড়োৰ দুটা অন্তৰাষ্ট্ৰীয় সোণাৰ পদকে ৰাজ্যখনক তথা ক্ৰীড়া জগত খনত আৰু অধিক উৎসাহিত কৰিব বুলি জানিব দিয়ে।

ওদালগুৰিৰ পৰা অমৰজিৎ ৰাভা ৰিপুৰ্ট