ভেকছিনৰ স্থিতি স্বত্বেও জকোভিচে ইটালিয়ান অপেন খেলিব পাৰিব

pc. Sportskeeda

ভেকছিনৰ স্থিতি স্বত্বেও জকোভিচে ইটালিয়ান অপেন খেলিব পাৰিব

ৰঙিলী বাৰ্ত্তাসেৱা-  ইটালীৰ কেবিনেটৰ ক্ৰীড়া সচিব ভেলেণ্টিনা ভেজ্জালিৰ মতে, বিশ্বৰ এক নম্বৰ নোভাক জকোভিচক টিকাকৰণ নোহোৱা স্বত্বেও ইটালিয়ান অপেন খেলিবলৈ অনুমতি দিয়া হ’ব। ৩১ মাৰ্চত ইটালীৰ বৰ্তমানৰ জৰুৰীকালীন অৱস্থা সমাপ্ত হোৱাৰ পিছত কোভিড-১৯ green passesৰ প্ৰয়োজন হোৱাৰ সম্ভাৱনা নাই, যাৰ ফলত জকোভিচে মে’ত অনুষ্ঠিত হ’বলগীয়া এটিপি মাষ্টাৰ্ছ ১০০০ টুৰ্ণামেণ্টত খেলিব পাৰিব।