ভাৰত চৰকাৰৰ ইউক্ৰেইনৰ চুবুৰীয়া দেশসমূহলৈ ৪ জন কেন্দ্ৰীয় মন্ত্ৰী প্ৰেৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী, জ্যোতিৰাদিত্য সিন্ধিয়া, কিৰেন ৰিজিজু আৰু জেনেৰেল (অৱসৰগ্ৰস্ত) ভি কে সিঙক ভাৰতৰ বিশেষ দূত হিচাপে ইউক্ৰেইনৰ চুবুৰীয়া দেশসমূহলৈ প্ৰেৰণ কৰা হ’ব। তেওঁলোকে ব্যক্তিগতভাৱে সীমান্ত অঞ্চলত ভাৰতীয়সকলক স্থানান্তৰ কৰাত তদাৰক কৰিব। ইউক্ৰেইন সংকট সম্পৰ্কে আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।