ভাৰতৰ বোপান্না, ৰামকুমাৰপুনেত টাটা অপেনৰ দ্বৈত ছেমি ফাইনেলত উপনীত

pc. hindustan times

ভাৰতৰ বোপান্না, ৰামকুমাৰপুনেত টাটা অপেনৰ দ্বৈত ছেমি ফাইনেলত উপনীত

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ ৰোহন বোপান্না আৰু ৰামকুমাৰ ৰামনাথনে  কোৱাৰ্টাৰ ফাইনেলত আলেকজেণ্ডাৰ এৰলাৰ আৰু জিৰি ভেচেলীক ৭-৬(৭-৩), ৭-৬(৭-৪)ত পৰাস্ত কৰি পুনেত অনুষ্ঠিত এটিপি ২৫০ টাটা অপেন মহাৰাষ্ট্ৰৰ ছেমি ফাইনেলত উপনীত হয়। ভাৰতীয় যুটিটোৱে পৰৱৰ্তী সময়ত ছাদিঅ’ ডুম্বিয়া আৰু ফেবিয়েন ৰেবাউলৰ মুখামুখি হ’ব। একক দ্বিতীয় ৰাউণ্ডত আঠ টা শ্ৰেণীৰ ষ্টেফানো ট্ৰাভাগলিয়াৰ হাতত য়ুকি ভাম্ব্ৰীয়ে ৩-৬, ২-৬ ব্যৱধানত পৰাজিত হয়।