ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথমখন ৰাজ্যিক কাৰ্য্য নিৰ্বাহক সভা অনুষ্ঠিত

pc- Facebook

ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথমখন ৰাজ্যিক কাৰ্য্য নিৰ্বাহক সভা অনুষ্ঠিত

অনলাইন বার্তাসেৱা – জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ ‘আনন্দৰাম বৰুৱা ক্ষেত্ৰ’ত দুদিনীয়াকৈ ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰথমখন ৰাজ্যিক কাৰ্য্য নিৰ্বাহক সভাখন আজি অনুষ্ঠিত হয়। উক্ত সভাখনৰ প্ৰথম দিনীয়া কাৰ্যসূচী ক্ৰমে দলীয় পতাকা উত্তোলন, বৃক্ষ ৰোপণ, বন্তি প্ৰজ্জ্বলন, মংগল ধ্বনিৰে দলীয় কাৰ্যকর্তা সকলৰ ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে সভাখনৰ শুভাৰম্ভণি কৰা হয়। উক্ত সভাত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভৱেশ কলিতা,ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি.এল.সন্তোষ, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপ সভাপতি তথা অসম প্ৰদেশৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম প্ৰদেশৰ সহ প্ৰভাৰী পৱন শৰ্মা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক অজয় জামোৱাল লগতে ৰাজ্যিক কাৰ্যনিৰ্বাহক প্রতিনিধিসকল উপস্থিত থাকে।