ভাৰতত যোৱা ২৪ ঘণ্টাত ২৬৮ জন লোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু

pc UNEP

ভাৰতত যোৱা ২৪ ঘণ্টাত ২৬৮ জন লোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৩,১৫৪ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। এই সংক্ৰমিত লোকৰ সৈতে ভাৰতত মুঠ কৰ’নৈাত সংকেৰমিত লোকৰ সংখ্যা ৩,৪৮,২২,০৪০ লৈ বৃদ্ধি পায়। যোৱা ২৪ ঘণ্টাত নতুনকৈ কৰ’নাত সংক্ৰমিত হৈ ২৬৮ জন লোকৰ মৃত্যু হৈছে। যাৰ ফলত ভাৰতত কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৮০,৮৬০ জনলৈ বৃদ্ধি পাইছে।আনহাতে ভাৰতত ৮২,৪৯২টা সক্ৰিয় ঘটনা আছে।