ভাল নলগা হৈ গ’ল জীৱনটো – সবিতা বেগম

ভাল নলগা হৈ গ’ল জীৱনটো
সবিতা বেগম, বৰপেটা
ভাল নলগা হৈ গ’ল জীৱনটো..
এবুকু দলিচা লৈ পদক্ষেপ
পূৰ্ণতাৰ আকাংক্ষায়…
তোমাৰ সতে …।
ভাল নলগা হৈ গ’ল জীৱনটো
পৰিবৰ্তন ! হেৰাই গ’ল …
তোমাৰ ইচ্ছাত ; মোৰ সিদ্ধান্তত …
আত্মনীৰৱতা, নিৰাপত্তা…
কৰ্ম নৃত্যৰ প্ৰলয় প্ৰতিমুহুৰ্ত …
ভাল নলগা হৈ গ’ল জীৱনটো…
মই মোত বিচাৰি নোপোৱা হৈ গ’লো…
দিনক দিনে অপৰিচিত মূখনী
পাহৰি গ’লো ‘মই’ মই কোন ?
নাজানো কিমান দিন
হয়তো কোনো দিনেই নহয়
ক্ৰমান্বয় জটিল অভিশপ্ত মকৰা জাল ।
ভাল নলগা হৈ গ’ল জীৱনটো
আজি সকলো কোনোৱাৰ আয়ত্ত্বত
তথাপি অভিনেত্ৰী হৈ গ’লো
বহুতৰেই মাজত
কোনেও উমানেই নাপায়।
ভাল নলগা হৈ গ’ল জীৱনটো
আজীৱন কাৰাবন্দী মুক্তদ্বাৰত
অৰ্ধতায় হয়তো দেহ ত্যাগ
কোনো এদিন কোনো এঠাইত
ইতিহাসৰ ইতি ইয়াতেই…।