ভালপোৱাৰ কথকথা — ববিতা বৰা কলিয়াবৰ

pc-unplush
ভালপোৱাৰ কথকথা
আহা অলপ কথা পাতো,
অলপ সময় চাই ৰওঁ
দুয়োৱে দুয়োক।
তুমি মোৰ মৌন ওঠঁত
শব্দ হৈ ফুটিবা,
মই তোমাৰ দুভৰিৰ কলাফুলত
নূপুৰ হৈ বাজিম।
তোমাৰ তৰ্জনী আঙুলিৰে
মোৰ বাউলী চুলিবোৰত
আত্মকামবোৰ বুলাবা,
তোমাৰ বিষাদ বুলি ভ্ৰম হৈ,
ধূলি লাগি ওলোৱা তোমাৰ অশ্ৰু টুপাল
মই আৱেগেৰে মচি দিম।
তুমি মোক এখন কপাহকোমল
শয্যালৈ কোলাত কৰি নিবা,
মই মোৰ ভাৰ্জিনিটিক মৰিশালীলৈ
কান্ধত তুলি নিম।
তুমি,এডাল কাৰ্শলা হৈ
মোৰ দেহৰ খলা বমাবোৰত বগাই যাবা,
এডাল জোক হৈ
মোৰ বিশুদ্ধ তেজ বোৰ শুহি শুহি খাবা।
তুমি অৱশ হৈ শুই পৰিবা,
মই তোমাৰ সপোন লৈ সপোনতো
উজাগৰে থাকিম।
তোমাৰ উষ্ণ কামনাতুৰ শৰীৰত
মই
চেচাঁ হিমবাহ বোৰ ঢালি নিম,
আত্মাৰ বান্ধোন বুলি
শামুকৰ খোলাত সুখ বিচাৰিম।
নিৰ্জনতাৰ কবিতা ৰচিম তোমাক বিচাৰি,
অথচ
তুমি কোনো কবিতাৰ কবি হৈ
শব্দত থাকিবা বাজি।
আহা অলপ কথা পাতো,
কথা পাতো অন্তৰৰ,কিছু আত্মিক
কিছু তাত্ত্বিক।
নিচা নখোৱাকৈয়ে পাতল কৰো আহা
উন্মাদ দুটি যৌৱন
মুক্ত কৰি দুটি আত্মা বিপৰীতলিংগী।
শৰীৰৰ খলা বমাবোৰৰ হিচাপত ব্যস্ত নহৈ
অলপ সময় চাই ৰওঁ আহা
দুয়োৱে দুয়োৰ চকুত
নিজৰেই প্ৰতিবিম্ব।
তোমাৰ চকুত মই,মোৰ চকুত
তোমাক দেখাৰ কৰো প্ৰযত্ন।
……দৈহিকতা কাতি কৰি থৈ
আত্মাৰ সম্ভোগত সহবাস কৰো,
বুকুত এজোপা বটবৃক্ষ ৰুই
ঘাইশিপাডালত আহা হৃদয় পুতো।
নোৱাৰা???
ঠিক আছে,
ব’লা এটা গাঁত খান্দি শোৱাৰ
চেষ্টা কৰো,
ভালপোৱাবোৰ তাতেই আহুতি দি
বেশ্যা হোৱাৰ আখৰা কৰো।
ববিতা বৰা
কলিয়াবৰ