ভাগ্য
ভাগ্যৰ ওপৰতে আমাৰ সকলোৰে জীৱনটো নিৰ্ভৰশীল। আমি প্ৰায়ে শুনিবলৈ পাওঁ যে আমি আমাৰ ভাগ্য জন্মতেই লই আহোঁ। এই কথাষাৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমি সকলোৱে ভাগ্যক বিশ্বাস কৰোঁ। যদি আমাৰ লগত কিবা অঘটন ঘটে তেতিয়াই আমি ভাগ্যক দোষ দিওঁ, আৰু যেতিয়া আমাৰ লগত ভাল হয় তেতিয়াও আমি ভাগ্যৰ কথাকে কওঁ যে ভাগ্য ভাল। আৰু আনৰ ভাষাত ক’বলৈ গ’লে তাই বা তাৰ ভাগ্য ফুলিল। ভাগ্য হ’ল আমাৰ এক মনৰ ধাৰণা। আমি যদি একো কাম নকৰি কেৱল ভাগ্যকে ধীয়াই থাকো তেতিয়া আমি কেতিয়াও সফল হ’ব নোৱাৰো। আচলতে মানুহৰ ভাগ্য বেয়া বা ভাল নাথাকে । সেয়া সময় থাকে, সময় ভাল থাকিলে সকলো সম্ভৱ। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কই থৈ গৈছে যে-ভাগ্যক বিশ্বাস নকৰিবা বিশ্বাস কৰিবা তোমাৰ কৰ্মক ।
আমি আমাৰ কৰ্মৰ দ্বাৰাই আমাৰ ভাগ্য সলনি কৰিব পাৰোঁ। অসম্ভৱ কাম বুলি এই পৃথিৱীত একো নাইয়ে। নিজৰ কৰ্ম যদি ভালদৰে কৰে নিজৰ ওপৰত যদি বিশ্বাস থাকে আৰু যদি এটা কামত লাগি থাকিব পৰা ধৈৰ্য্য থাকে তেন্তে আমি কৰিব নোৱাৰা কাম একোৱে নাই। আৰু তেতিয়া ভাগ্য বুলি কোনো শব্দই নাথাকে। আৰু যদি ভাগ্যক বিশ্বাস কৰেও তেতিয়াও কিন্তু আমি আমাৰ ভাগ্য নিজেই সলনি কৰিব পাৰোঁ। আমি ভাগ্যৰ ওপৰত নিৰ্ভৰশীল হ’ব নালাগে বৰঞ্চ ভাগ্য হে আমাৰ ওপৰত নিৰ্ভৰশীল হ’ব লাগে।
সংযুক্তা দত্ত
দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয়