ভগ্ন আকাশত এজুপুৰি শব্দৰ তৰা….
_✍️ সংগীতা মাইনা ডেকা, ৰঙিয়া
লঠঙা গছত
শাৰদীয় বৃষ্টিৰ পৰশ,
আশাতীত অ’…!
নিয়ৰৰ টোপালত,
ৰোদন আঁচলখন…
শেৱালিৰ সুগন্ধিত,
ভাগৰুৱা প্ৰশ্বাসবোৰ…
কঁহুৱাৰ দুলনিত যেন,
দুখৰ হে বুলনি…
স্নিগ্ধ জোনৰ মাজত,
ৰঙবোৰ হেৰুৱা অনাথ শুভ্ৰ চাদৰখন…
ডাৱৰৰ মৃদুল মৃদুল গতি নে,
ধীৰে ধীৰে নামি অহা ছাইৰ অৱগাহন…?
পলবোৰ এনেকৈ, ৰৈয়েই যাব নেকি…!
নাজানোঁ, এই পথৰ পৰিণতি ক’ত ?
লক্ষ্য ক’ত ?
খোজবোৰ ক’ত ?
——–🌸🌸——-
