বৰ্ধিত মুছলমান জনসংখ্যাই , অসমীয়াৰ মৃত্যু ঘণ্টা স্বৰুপ: হিন্দু ক্ৰান্তি দল অসম

বৰ্ধিত মুছলমান জনসংখ্যাই , অসমীয়াৰ মৃত্যু ঘণ্টা স্বৰুপ: হিন্দু ক্ৰান্তি দল অসম

চাহিল মল্লিক, নলবাৰী বাৰ্ত্তাসেৱা – সমগ্ৰ বিশ্বতে ইচলামিক অগ্ৰাসনে সাধৰন ৰাইজৰ জীৱন নিৰ্বাহ কৰাত বিপদপন্ন হৈ পৰিছে।এই কথা সদৰী কৰিছে হিন্দু ক্ৰান্তি দল অসমে।উল্লেখযোগ্য যে আজি বিয়লী নলবাৰীত অনুষ্ঠিত কৰা সংবাদ মেলত হিন্দু ক্ৰান্তি দল অসমৰ সাধৰন সম্পাদক নিৰ্মল ৰাজবংশীয়ে কয় যে চৰকাৰে মাতৃভূমিক সুৰক্ষিত কৰাৰ স্বাৰ্থত বা হিন্দুক সুৰক্ষিত কৰাৰ স্বাৰ্থত জন্ম নিয়ন্ত্ৰন আইন,গো-সুৰক্ষা আইন,অবৈধ ভাৱে দখল কৰা চৰকাৰী ভূমি সংৰক্ষন আৰু অধিক পদক্ষেপ লৈছে যদিও তথাপিও হিন্দুত্বৰ স্বাৰ্থত কিছু কৃপনালী কৰা পৰলক্ষিত হৈছে।কিয়নো কিয় অসমৰ মুচলমান যুৱকে জেহাদৰ প্ৰশিক্ষন লবলৈ কাশ্মিৰলৈ যাব লাগে,কিয় মুচলমান যুৱকে অল কায়দাৰ প্ৰশিক্ষন লবলৈ পাকিস্তান যাব লাগে।তাতোকৈও গুৰুত্ব পূৰ্ণ কথাতো হল সম্প্ৰীতিৰ পীঠ স্থলি হাজোত সনাতন ডেকা,ডিব্ৰুগড়ত সৌৰভ দাস,নুনমাতিত ঋতুপৰ্ণ পেগু ক পৰিকল্পিত ভাৱে হত্যা কৰা হল। ধুবুৰীত টেত শিক্ষয়ত্ৰীক নিয্যাতন কৰা হল!হিন্দু যুৱতীক বেশ্যালয়লৈ প্ৰেৰন কৰা হল এখন অসমতে।তথাপিও ইয়াৰ ওপৰত কঠোৰ হবলৈ সাহস নহল আমাৰ বিগত চৰকাৰৰ।আমি অহৰহ ভাৱে চৰকাৰক অৱগত কৰা হৈছিল যে অসমত জেহাদীৰ শ্লীপাৰ চেল সমুহ অধিক সংক্ৰিয় হৈছে যাৰ পৰিণতিত সমগ্ৰ অসমতে মিঞা মুছলমানে অসমীয়া লোকক গ্ৰাহ কৰিছে।কিন্তু অতিকৈ গুৰুত্বপুৰ্ণ কথাতো হল আমাৰ কথাখিনিক গুৰুত্ব নেদিয়াৰ ফলতে অসমত মুছলমান লোকে মুকলিকৈ তালিবান,পাকিস্তানক সমৰ্থন কৰা পৰিলক্ষিত হৈছে।এনেদৰে অসমীয়াই সম্প্ৰীতিৰ হকে যুজ দি অহাৰ পিচতো মুচলমান হোৱা ৰ নামত একাংশই যি ইচ্ছা তাকে কৰি থাকিবনে ।নিজৰ সুবিধা আদায়ৰ স্বাৰ্থত সম্প্ৰীতিৰ দোহাই নেতা সকলৰ কৰণীয় নাইনে।লগতে ৰাজবংশীয়ে কয় যে অসমত বৰ্ধীত মুছলমান জনসংখ্যা গাঠনিয়ে অসমীয়া লোকৰ মৃত্যু ঘণ্টা স্বৰুপ। যদি চৰকাৰে কম সময়ৰ ভিতৰত নাকী লগাব নোৱাৰে তেতিয়া অসমো হয়তো ভাৰতৰ মানচিত্ৰৰ পৰা আতৰি গৈ ইছলামিস্থান হবলৈ বেছি সময় নালাগিব!এইক্ষেত্ৰত বৰ্তমানৰ মুখ্যমন্ত্ৰী অতিকৈ আদৰনীয়।তেখেতৰ প্ৰতি আস্থা আৰু শ্ৰদ্ধা জনাই সংগঠনতোৱে কয় যে চব কা চাথ চবকে বিকাশ বাদ দি যিয়ে মাতৃভূমিৰ হৈ প্ৰাণ দিব পাৰে বা যিয়ে ভাৰতীয় সভ্যতাক সন্মান কৰিব যানে তেওলোকক সুৰক্ষিত কৰিবলৈ দৃষ্টান্তমুলক পদক্ষেপ গ্ৰহন কৰক। উক্ত অনুষ্ঠানত হিন্দু ক্ৰান্তি দল নলবাৰীৰ ভাৰপ্ৰাপ্ত সংযোজক ব্ৰজেন দত্ত আৰু উপদেষ্টা সুৰেশ সুৰেকা উপস্থিত আছিল।