আনাৰসৰ খেতিৰে স্বনির্ভৰশীল দুই ককাই -ভাই লৌমছাৰ আৰু গৌম ছাৰ ভেৰগাঁও পানীশেলিত গঢ়ি উঠিছে আনাৰসৰ বাগান

আনাৰসৰ খেতিৰে স্বনির্ভৰশীল দুই ককাই -ভাই লৌমছাৰ আৰু গৌম ছাৰ ভেৰগাঁও পানীশেলিত গঢ়ি উঠিছে আনাৰসৰ বাগান

অমৰজিৎ ৰাভা, ওদালগুৰি, বাৰ্ত্তাসেৱা– চাকৰি- বাকৰি বিচাৰি এচাম যুৱকে হাবাথুৰি খাই ফুৰিছে এচাম যুৱকে ডিগ্ৰী ডিপ্লোমা গ্ৰহণ কৰি শিক্ষিত নিবনুৱাৰ শাৰীত নাম লিখি হতাশাত ভুগি দিশহাৰা হৈ চাৰি আলিত আড্ডা দিছে জুৱা ভাঙত ধৰিছে ,বিড়ি চিগাৰেট হুপিছে তাৰ মাজতে সমাজৰ প্ৰতি সদা সচেতন, দায়িত্বশীল ব্যতিক্ৰমী যুৱকে খেতি পথাৰত নামি জীৱন যুদ্ধৰ সেনানী হৈ নিজে কৰা শ্ৰমৰ মূল্যবান পা -পইচা সাঁচি ৰাখিব পাৰিছে আৰু পৰিয়াল পোহপাল দিয়াটো সক্ৰিয় ভূমিকা গ্ৰহণ কৰি সমাজৰ বাবে সুন্দৰ নিদৰ্শন দাঙি ধৰি ত্যাগ ‘৭শ্ৰম ঘামৰ বিনিময়ত আত্মনিয়োগ হৈ নিজে নিজেই স্বাৱলম্বী বা নিজৰ ভৰিত থিয় হবলৈ সক্ষম হৈছে। লৌমছাৰ আৰু গৌমছাৰ বড়োৱে সমাজৰ বাবে আদর্শ খেতিয়ক হৈ উদাহৰণ হৈ পৰিছে।সেই যুৱক দুজনে ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ পাঁচ বিঘা মাটিত গাঁঠিৰ ধন ভাঙি সুস্বাদু ফল আনাৰস খেতিৰে স্বাৱলম্বী হবলৈ সক্ষম হৈছে আৰু আন দহজন যুৱকৰো ভাত মুকলি কৰিছে।।গাঁৱৰ মানুহে তেওঁলোকক তেওঁলোকৰ কৰ্মৰ বাবে স্বীকৃতি প্ৰদান কৰি ভূয়োসী প্ৰশংসা কৰিছে।কৃষি বিভাগ ,চৰকাৰে লৌমছাৰ আৰু গৌমছাৰৰ দৰে যুৱকক উপযুক্ত স্বীকৃতি প্ৰদান কৰাই নহয় সাহাৰ্য ,ঋণ আদিৰ সুব্যৱস্থা কৰি দিব লাগে।আহকচোন যুৱক দুজনৰ আমিও খেতি পথাৰত নামি সজোৰে চৰকাৰৰ প্ৰতি দাবী উত্থাপন কৰো পথাৰো আমাৰ বজাৰো আমাৰ আঁচনি সমূহ সফল ৰূপায়ণ কৰক।খাদ্য শীতলীকৰণ ভৱন নিৰ্মাণ কৰিবলৈ সুপদক্ষেপ গ্ৰহণ কৰক। খেতিয়ক দুজনৰ প্ৰতি চৰকাৰে সু -দৃষ্টি দিবনে সেইটোহে লক্ষণীয় হৈ ৰ’ব।।