বৰ্তমানৰ সৰস্বতী পূজা
ভাৰতবৰ্ষত প্ৰাচীনকালৰ পৰাই দেৱ-দেৱী সকলৰ পূজা অৰ্চনা প্ৰচলিত । বিদ্যা অবিহনে সকলো অন্তঃসাৰশূন্য। এতেকেজ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে আমাৰ হিন্দু সমাজে প্ৰতিবছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত সৰস্বতী পূজা পালন কৰে ৷ সৰস্বতী পূজা শিক্ষানুষ্ঠান সমূহত অতি উলহ মালহেৰে উদযাপন কৰা হয় । সৰস্বতী পূজাৰ দিনা ছাত্র-ছাত্রী সকলে দেৱীৰ সন্মুখত প্ৰার্থনা, কাৰ্পুণ্য কৰি সৰস্বতী দেৱীৰ পৰা আৰ্শীবাদ লয়, যাতে শিক্ষা জীৱনত সফলতা অৰ্জন কৰিব পাৰে। কিছু কিছু অঞ্চলত দেৱীৰ প্রতিমা পূজাৰ পিছৰদিন বিসৰ্জন দিয়া হয় যদিও কিছু কিছু অঞ্চলত প্ৰতিমা শিক্ষানুষ্ঠানৰ প্ৰাৰ্থনা গৃহত অধ্যূষিত কৰা দেখা যায় । অতীজৰে পৰা ভাৰতবৰ্ষ তথা আমাৰ অসমতো জাকত জিলিকাকৈ সৰস্বতী পূজা উদযাপন কৰি অহা হৈছে । সৰস্বতী পূজা নৰকাসুৰ আৰু ৰজা ভগদত্তৰ দিনত “বাসন্তী উৎসৱ” হিছাপে পালন কৰা হৈছিল । কালক্ৰমত ই সৰস্বতী পূজালৈ ৰূপান্তৰিত হৈছে ।
সেই অতীতৰ সৰস্বতী পূজা আৰু বৰ্তমানৰ সৰস্বতী পূজাৰ মাজত এক আকাশ- পাতাল অন্তৰাল । সাম্প্ৰতিক সময়ত দেৱী দৰ্শন, আশীৰ্বাদৰ পৰিৱৰ্তে ডেকা-গাভৰু ব্যস্ত হৈ পৰে আধুনিক জাক-জমকতাত, ৰূপ-সৌন্দৰ্য্যত। বৰ্তমান সৰস্বতী পূজা মানেই দামী পোছাক , দামী বাইক, দামী কেমেৰা। পূজাৰ পৰিৱৰ্তে ডেকা-গাভৰুক এই দিনটোত দেখা যায় বিভিন্ন পার্ক , ৰেষ্টুৰা, ছবি ঘৰ, নাইবা ৰাজপথত বাইকত উচ্ছৃংখল অৱস্থাত । বৰ্তমান এই আধুনিকতাৰ প্ৰতিযোগিতাত সৌন্দৰ্য্যবৃদ্ধি, দামী সাজ- পাৰ, আ-অলংকাৰ, দামী বাইক আদিৰ যেন এক প্ৰতিযোগিতাহে প্ৰাৰম্ভ হৈছে। আজিৰ দিনত সৰস্বতী পূজা মানে সৌন্দৰ্য্যৰ এক প্ৰতিদ্বন্দিতা । আৰু সেই সৌন্দৰ্য্যৰ তৰ্জ্জুত উঠিবলৈ হ’লে প্ৰয়োজন দামী দামী সাজ- পাৰ, আ-অলংকাৰৰ ।এই প্রতিযোগিতাৰ পলগ্ৰহত এচাম সাধাৰণ আৰু মধ্যবিত্ত শ্ৰেণীৰ শিক্ষার্থীৰ পৰিয়ালৰ ওপৰত ৰামটাঙোন পৰিছে । কিয়নো, সহপাঠীৰ লগত ফেৰ মাৰি জক্মক্কৈ সাজি কাচি পূজাৰ থলীলৈ যাব পৰাকৈ তেওঁলোক অৰ্থৱন্ত নহয় । গতিকে, এনে পৰিস্থিতিত বহুতো এনেধৰণৰ সাধাৰণ শিক্ষার্থী মানসিক ভাৱে নীচাত্মবোধত ভোগা দেখা যায় । পৰিণতিস্বৰূপে, সেই বিশেষ দিনটোত পূজাৰ থলীলৈ যোৱাৰ পৰা বিৰত থাকি বহু শিক্ষাৰ্থী ঘৰতে থকা পৰিলক্ষিত হয়।এই ক্ষেত্ৰত কিন্তু অসমৰ সংবাদ মাধ্যম সমূহো বহু পৰিমাণে জগৰীয়া (বিশেষকৈ ইলেকট্রনিক সংবাদ মাধ্যমসমূহ) । এই সংবাদ মাধ্যমসমূহে তেওঁলোকৰ ব্যৱসায়িক লাভালাভৰ বাবে বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষার্থীৰ মাজত সৌন্দৰ্যৰ প্ৰতিযোগিতা , চেলফি প্ৰতিযোগিতা অনুষ্ঠিত কৰে। কিন্তু ইয়াৰ প্ৰভাৱে যে এচাম শিক্ষার্থীক মানসিক ভাৱে ভাঙি পেলাই এই কথা হয়তো তেওঁ লোকে কোনোদিনে অবগায় কৰিবই পৰা নাই আজিলৈকে । সৰস্বতী পূজাৰ মণ্ডপে মণ্ডপে যেতিয়া সুন্দৰীৰ সন্ধান কৰি ফুৰা হয়, তেতিয়া ছাত্ৰীসকলৰ মাজতো সৰস্বতী পূজাৰ মূল অৰ্থ, উদ্দেশ্য হেৰায় আৰু আৰম্ভ হয় সৌন্দৰ্য প্ৰতিযোগিতা। এই দিনটোত আমি বহু পথ দুৰ্ঘটনা সংঘটিত হোৱাও লক্ষ্য কৰোঁ।এচাম যুৱক তীব্ৰ বেগত বাইক চলোৱা প্ৰতিযোগিতাত নামি পৰে আৰু ইয়াৰ ফলত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাৰ।
সৰস্বতী পূজাক সৰস্বতী পূজা হৈ থাকিবলৈ দিয়ক, ইয়াত সৌন্দৰ্য প্ৰতিযোগিতাৰে অতিৰঞ্জিত কৰি সৰস্বতী পূজাৰ মূল তাৎপৰ্য বিঘ্নিত কৰাৰ লগতে এক শ্ৰেণীৰ ছাত্ৰীক নীচাত্মিকাবোধত নোভোগাব । সাজ পাৰেৰে সুন্দৰ হোৱাৰ পৰিৱৰ্তে মনেৰে সুন্দৰ হৈ সকলো আগুৱাই যাব পাৰিলেই আমি হৈ পৰিম সত্য, সুন্দৰ আৰু জ্ঞানৰ পূজাৰী । কিয়নো, ভগৱানৰ অস্তিত্ব আধুনিকতাৰে নহয়, ই হৃদয়ৰ পৰাহে গ্ৰহণযোগ্য ।
আস্কৰ আলী
অসমীয়া বিভাগ,দৰং মহাবিদ্যালয়