বৰষুণ
ইভা গন্ধীয়া ফুকন
জিৰ জিৰ বৰষুণত
মাতাল হৃদয়ত সপোনৰ বুৰবুৰণি
উগ্ৰ বুভুক্ষাত জ্বলি পুৰি দেই যোৱা
সঞ্চিত অপূৰণ প্ৰকাশৰ আশা
অশ্ৰুসিক্ত বেদনাই সমাধান বিচাৰে
প্ৰচণ্ড গাজনীয়ে বিচাৰে
আলিংগনৰ সুবাস
সেইহে জাগে আগ্নেয়গিৰি সন্মুখিত
লেলিহান প্ৰপাত
নিশা বৰষুণৰ টোপালে জাগ্ৰত কৰে দুনয়ন
বৰষুণৰ লহৰে লহৰে
জীৱনৰ বিননি বিনায়
উজ্জীৱিত আশাৰ ৰেঙণি
জেকা জেলুকীয়া শেলুকীয়া বোকাতেই
জহি পমি যায়
অনামিকাৰ কবিতাই
ফুলৰ মালা চিঙি ভাঙি
সোণ হীৰা কেৰুমণি দলিয়াই
বিভৎস দিঠকত সি ছন্দ হেৰুৱাই
বেদনাৰ পীড়নত বেসুৰীয়া সুৰৰ বিননি
বৰষুণৰ টোপালে মলান পেলায়।