বৰছলা আৰক্ষীৰ জালত এজন জাল নোট সৰবৰাহ কাৰি

বৰছলা আৰক্ষীৰ জালত এজন জাল নোট সৰবৰাহ কাৰি

ইকবাল হুছেইন, মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ বৰছলা আৰক্ষী চকীৰ অন্তৰ্গত বৰছলা সাপ্তাহিক বজাৰৰ সমীপৰ বৰছলা আৰক্ষীয়ে অভিযান চলাই কৰায়ত্ত কৰে এজন জাল নোট সৰবৰাহ কাৰি যুৱকক। বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়ানী শ্ৰীমতী মামনি কুমাৰী আৰু বৰছলা আৰক্ষী এক যুটীয়া অভিযান কাৰি দলে এক গোপন সুত্ৰৰ পমখেদি আটক কৰে এই জাল নোট সৰবৰাহ কাৰিটোক। অভিযান কাৰি আৰক্ষীৰ দলটোৱে আবুল হুছেইন, পিতা:- আব্দুল গফুৰক 4,90,000 হাজাৰ টকাৰ জাল নোট সহ হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়। জাল নোট সৰবৰাহ কাৰি আবুল হুছেইনৰ ঘৰ নগাঁও জিলাৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত ছালমাৰা বড়ী গাঁৱৰ বুলি জানিব পৰা গৈছে। এই কুখ্যাত জাল নোট সৰবৰাহ কাৰিটোৱে বহু দিন ধৰি আৰক্ষীৰ চকুত ধূলি দি চলাই গৈছিল জাল নোটৰ ৰমৰমিয়া ব্যৱসায়। বৰছলা আৰক্ষী চকিৰ ভাৰপ্ৰাপ্ত বিষয়ানী শ্ৰীমতী -মামনি কুমাৰীয়ে অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে। আৰক্ষীৰ প্ৰকৃত তদন্ততহে পোহৰলৈ আহিব আৰু কোন কোন জড়িত হৈ আছে এই জাল নোট চক্ৰটোৰ লগত।