বড়োলেণ্ড জনজাতী সুৰক্ষা মঞ্চৰ সংবাদযোগে দাবী শৰণীয়া সকল সাংবিধানিক ভাৱে স্বীকৃতিপ্ৰাপ্ত জনজাতী নহয়

বড়োলেণ্ড জনজাতী সুৰক্ষা মঞ্চৰ সংবাদযোগে দাবী শৰণীয়া সকল সাংবিধানিক ভাৱে স্বীকৃতিপ্ৰাপ্ত জনজাতী নহয়

অমৰজিৎ ৰাভা,ওদালগুৰি,বাৰ্ত্তাসেৱা- বিটিআৰ জনজাতী সুৰক্ষা মঞ্চৰ উদ্যোগত সংবাদযোগে দাবী শৰণীয়া সকল সংবিধানিকভাৱে স্বীকৃতিপ্ৰাপ্ত জনজাতী নহয়,যাৰ পৰিপেক্ষিতত শৰণীয়া কছাৰী সংগঠনক ক্ষুৰধাৰ সমালোচনা জনজাতি সুৰক্ষা মঞ্চই। উল্লেখ্য যে যোৱা ১১ ছেপ্টেম্বৰ তাৰিখে বিটিআৰ জনজাতি সুৰক্ষা মঞ্চৰ উদ্যোগত এখনি সংবাদমেল আয়োজন কৰিছিল। যাৰ দ্বাৰাই শৰণীয়া কছাৰী সকলে অবৈধ ভাৱে জনজাতিৰ প্ৰমাণ পত্ৰ লৈ জনজাতিৰ সুবিধা সমূঁ‌হ প্ৰকৃত হীতাধিকাৰীক বঞ্চিত কৰি হৰুলো কৰাৰ অভিযোগত জনজাতি সুৰক্ষা মঞ্চই প্ৰকৃত জনজাতীৰ নিন্মতম অধিকাৰ বঞ্চিত নকৰিবলৈ সংবাদ যোগে সকিয়নী প্ৰদান কৰিছিল।। সেয়েহে শৰণীয়া কছাৰী স্ংগঠনে জাঙোৰ খাই উঠিছিল আৰু সেই প্ৰশংগত স্ংবাদ যোগে উলতাই ”জনজাতি সুৰক্ষা মঞ্চক” তুচ্চ তাচ্ছিল্য কৰি হুংকাৰ প্ৰদান কৰাক লৈ বুধবাৰে নিশা ১০ বজাত বিটিআৰ জনজাতী সুৰক্ষা মঞ্চই পুনৰ সংবাদযোগে শৰণীয়া কছাৰীক জোৰদাৰ সমালোচনা কৰাৰ পৰিলক্ষিত হয়। জনজাতী সুৰক্ষা মঞ্চই কয় যে আমাৰ জনজাতী সংস্থা ট্ৰাইবেল্ট সংঘই শৰণীয়া সকলক ট্ৰাইবেল্ট হিচাপে মানি লৈছে যদিও আৰু কেইবাটাও সংগঠন আছে যিবোৰ আমাৰ দৰদৰে প্ৰকৃত জনজাতীক বঞ্চিত কৰাৰ সৰযন্ত্ৰক বিৰোধী কৰি আছে। সেয়েহ শৰণীয়া সকলক জনজাতী প্ৰমাণ পত্ৰ লোৱাৰ আগতে তেখেঁ‌ত সকলৰ গুৰি বা সৃষ্টি কৰ পৰা হৈছিল সেইটো স্পষ্ট কৰাৰ লগতে সংবিধানিকভাৱে স্বীকৃতিপ্ৰাপ্ত হ’ব লাগিব সকিয়নী প্ৰদান কৰাৰ লগতে, শৰণীয়া সকলে দাবী কৰা “ভাৰতীয় সংবিধানৰ ৫ নং দফাত শৰণীয়া কছাৰী অন্তৰ্ভুক্ত হোৱাক লৈ লৈ সুৰক্ষা মঞ্চৰ বিবৃতি”””লোকৰ সমিতি ভাৰতৰ পৰা যেতিয়া অসমলৈ আহিছিল তেতিয়া ১৯৫৬ চনত কছাৰী সকলক নিৰ্দিষ্ট এটা জনজাতী হিচাপে স্বীকৃতি দিছিল কিন্তু তেতিয়া অইন সম্প্ৰদায় সকলৰ লগত শৰণীয়া সম্প্ৰদায় সকলৰ নাম সন্নিৱিষ্ট নাছিল। সেয়ে শৰণীয় সকল এটা সংমিশ্ৰন জাতী কেতিয়াও জনজাতি হ’ব নোৱাৰে বুলি বিটিআৰ জনজাতী সুৰক্ষা মঞ্চই সংবাদযোগে শৰণীয়া কছাৰীক ক্ষুৰধাৰ সমালোচনা কৰে।