ব্ৰহ্মাপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰ শুভ উদ্ধোধন উপ- ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ

pc- Facebook

ব্ৰহ্মাপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰ শুভ উদ্ধোধন উপ- ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ

অনলাইন বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ পাণবজাৰত মহাবাহু ব্ৰহ্মাপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰ শুভ উদ্ধোধন কৰে উপ- ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে। ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰৰ সমীপত পাণবজাৰৰ বৰফুকন টিলাৰ শীৰ্ষত থকা পুৰণি উপায়ুক্তৰ বাংলোটো মহাবাহু ব্রহ্মপুত্র নদী ঐতিহ্য কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে। ১৮২৬ চনত ব্ৰিটিছে অসম অধিকাৰ কৰাৰ পাছত ১৮৩৯ চনত গুৱাহাটীৰ বাবে উপায়ুক্তৰ পদ সৃষ্টি কৰে। সেই সময়ত প্রথম উপায়ুক্ত জেমছ মিথিৰ বাবে কোনো উপযুক্ত আৱাস নাছিল। ব্ৰহ্মপুত্ৰৰ পাৰত বৰফুকনৰ টিলাক নিৰ্বাচিত কৰাৰ পূৰ্বে কেইবাটাও স্থানত জৰীপ কৰা হৈছিল আৰু অৱশেষত বৰফুকনৰ টিলাক উপায়ুক্তৰ আৱাস নিৰ্মাণৰ বাবে বাছনি কৰা হয়। স্বাধীনতাৰ পাছতো ২০১১ চনলৈকে এইটো উপায়ুক্তৰ বাংলো হৈ আছিল ৷ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট আঁচনিৰ অধীনত এটা প্রকল্প গ্ৰহণ কৰি ইয়াক ঐতিহ্য সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হয়। ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত উপ-ৰাষ্ট্ৰপতি নাইডুৱে ঐতিহ্য কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰি সংগ্ৰহালয়ৰ বিভিন্ন শাখা, যেনে— আর্ট গেলেৰী, চেণ্ট্ৰেল হল আদি পৰিদৰ্শন কৰে।