ব্ৰহ্মপুত্ৰৰ ওপৰত শীঘ্ৰে তৃতীয়খন দলংঃ হিমন্ত বিশ্ব শৰ্মা

pc Dailyhunt

অনলাইন বাৰ্ত্তাসেৱা – মুখ্যমন্ত্রী র্ড° হিমন্ত বিশ্ব শৰ্মাই লোকনির্মাণ (পথ) বিভাগৰ গুৱাহাটীৰ ফটাশিল আমবাৰীস্থিত মুখ্য অভিযন্তাৰ কাৰ্যালয়ত মুখ্যমন্ত্রী র্ড° হিমন্ত বিশ্ব শৰ্মাই লোকনির্মাণ (পথ) বিভাগৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নিৰ্মীয়মাণ দলংখনৰ কাম-কাজৰ অগ্ৰগতি, ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী-শুৱালকুছি সংযোগী প্রস্তাৱিত দলঙৰ প্ৰাৰম্ভিক কাম-কাজৰ পৰ্যালোচনাৰ লগতে ‘অসম মালা’ আঁচনিৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন পথ প্ৰকল্পৰ অগ্ৰগতিৰ বিতং বুজ লয়। বৈঠকত লোকনির্মাণ বিভাগৰ তৰফৰ পৰা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নির্মীয়মাণ দলং,ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী-শুৱালকুছি সংযোগী প্রস্তাৱিত দলঙৰ ওপৰত যুগুতোৱা এক বিস্তৃত প্রেজেণ্টেচনো আগবঢ়োৱা হয়। বৈঠকত বিভাগে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণকাৰ্যই যথেষ্ট অগ্রগতি লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীক অৱগত কৰে। প্ৰায় ৩৭ শতাংশ কাম সম্পূৰ্ণ হোৱা এই দলংখনৰ নিৰ্মাণ ২০২৩ চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে এই বৈঠকতে বিভাগক নির্দেশ দিয়ে। আনহাতে ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী-শুৱালকুছি সংযোগী প্রস্তাৱিত দলংখনৰ ‘এলাইনমেণ্ট’ এইখন বৈঠকতে চূড়ান্ত কৰা হয়৷ মুখ্যমন্ত্ৰীয়ে এই দলংখন চাৰিলেনযুক্ত কৰাৰ বাবে এইখন বৈঠকতে নিৰ্দেশ দিয়াৰ লগতে এই সম্বন্ধে যাৱতীয় মডেল তথা বিস্তৃত প্রকল্প প্রতিবেদন শীঘ্ৰে প্ৰস্তুত কৰিবলৈ বিভাগক নির্দেশ দিয়ে।