বেলেঞ্চীত (Balance sheet) খন মিলাই দিৱ পৰা হ’লে….. গৌতম শৰ্মা (ঋষভ)

বেলেঞ্চীত (Balance sheet) খন মিলাই দিৱ পৰা হ’লে…..

কিতাপৰ দৰে জীৱনৰ বেলেঞ্চীত খনো মিলাই দিৱ পৰা হ’লে,

সুখবোৰ ডেবিট আৰু
দুখবোৰ ক্ৰেডিট কৰি

হাহিঁৰ লাইবিটি (liability) আৰু চকুলোৰ এছেটচ (Assets) গঢ়ি..

অন্যথা ক্ৰেডিট ক্ৰীয়েশ্যন (Credit creation) ৰ লেখীয়া এবুকু মৰমেৰে পৃথিৱীখন ভৰাই দিৱ পৰা হ’লে

বেলেঞ্চীত খন মিলাই দিৱ পৰা হ’লে..

জ্ঞানৰ চেম্পল (sample) বিতৰণ কৰি
যদি কৰিব পাৰি মনুষ্যত্বৰ বাইবেক (Buy back)

আৰু ভালপোৱা বোৰ বোনাচ ইচ্চ্যু (Bonus Issue) বুলি বিলাই দিৱ পৰা হ’লে,

বেলেঞ্চীত খন মিলাই দিৱ পৰা হ’লে..

আঙুলি ঠাৰত ৰাখিছোঁ সম্পৰ্ক, মুৰ তুলি চোৱা সময় নাই
নিজৰ অধিকাৰৰ বাবে আটায়ে চিঞৰিছোঁ
মাথো দায়িত্ববোধ বোৰ হেৰাই যায় |

বিফল হোৱাৰ কাৰণবোৰ জনাই ফুৰিছোঁ
সফলতাৰ ভাগ কিন্তু ভগাই দিৱ পৰা নাই |

নোপোৱা খিনিৰ ৰেচিও এনালাইচিছ ( Ratio analysis) কৰিছোঁ,

পোৱা খিনিৰ কৃতজ্ঞতা স্বীকাৰ কৰিৱ পৰা নাই…..

এই ভুলবোৰৰ বাবে এটি ৰেক্টিফিকেশ্যন এন্ট্ৰী (Rectification entry) দিৱ পৰা হ’লে ,

বেলেঞ্চীত খন মিলাই দিৱ পৰা হ’লে…..