বিষ্ণু প্ৰসাদ ৰাভাৰ কবিতা আৰু গানত বৈপ্লৱিক চিন্তাধাৰা : এটি অৱলোকন – নাছিৰ আহমেদ

বিষ্ণু প্ৰসাদ ৰাভাৰ কবিতা আৰু গানত বৈপ্লৱিক চিন্তাধাৰা : এটি অৱলোকন
নাছিৰ আহমেদ, গোৱালপাৰা
প্ৰতি বছৰে ২০ জুন আহিলেই আমাৰ ৰাজ্যত চৰকাৰী বা বেচৰকাৰী ভাবে  বিভিন্ন  অনুষ্ঠান-প্ৰতিষ্ঠানত জাকজমকতাৰে বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে “ৰাভা দিৱস উদযাপন কৰি থকা হয়।নিঃসন্দেহে, এয়া এটা জাতিৰ বাবে খুবেই সুন্দৰ পদক্ষেপ । সাধাৰণতে বিষ্ণু প্ৰসাদ ৰাভা দেৱক এই দিৱসটিত এজন কলাৰ পুজাৰী বা কলাগুৰু ৰূপে মূল্যায়ন কৰা হয় ।কিন্তু, এয়াই একমাত্ৰ ৰাভা দেৱৰ প্ৰকৃত পৰিচয় নে? নে ইয়াৰ মাজতো কোনো ৰাজনৈতিক অভিসন্ধি লুকাই আছে? এদিন কুচবিহাৰ মহাবিদ্যালয়ৰ দেৱালত তেওঁৰ অগ্নি-বৰ্ষী লেখাৰ বাবে-
“ৰাজ্যে আছে দুইটি পাঠা
একটি কালো একটি সাদা
দেশেৰ যদি মঙ্গল চাও
দুইটি পাঠাই বলি দাও “
বৃটিছ শাসক তথা দেশৰ শাসক গোষ্ঠীৰ হৃদয় কম্পন হৈছিল ।তেওঁৰ এই বিপ্লৱী সত্তাক স্বাধীন ভাৰতৰ চৰকাৰেও নিশ্চয়কৈ জন গণৰ মাজত জাগ্ৰত  কৰাৰ বাবে কোনো অগ্ৰগামী ভূমিকা পালন কৰিব বুলি আশা কৰা মানে পৰ্বতত কাছকণী বিচৰা।বিষ্ণু ৰাভা দেৱৰ সমগ্ৰ কৱিতা, গীত বা লিখনি সমূহত শাসক  আৰু শোষক শ্ৰেণীৰ বিৰুদ্ধে তীব্ৰ হুঙ্কাৰ ফুটি উঠিছে । যেনে –
দুখীয়াৰ কলিজা নিঙাৰি লব,
টুপি টুপি তেজ শুহি শুহি পিব,
ৰুকি ৰুকি মঙহ চোবাই খাব,
কুৰুকি হাড়  কেইডালো চোবাব,
হুচিয়াৰ! হুচিয়াৰ! !
ধনী! মহাজন! জমিদাৰ! !
হুচিয়াৰ! হুচিয়াৰ! হুচিয়াৰ! !
বিপ্লৱ পথেৰে যাত্ৰী আমি
সৰ্বহাৰাৰে মুক্তি কামী
চুৰ্ণ কৰিম আমি সংগ্ৰামী
দৰ্প ধনীৰ —পণ  আমাৰ ।
হুচিয়াৰ! হুচিয়াৰ! হুচিয়াৰ !!
বিষ্ণু ৰাভাই কৃষক-বনুৱাক বৈপ্লৱিক গীতেৰে আহ্বান কৰি কৈছে –
” বল্ বল্ বল্ বল্
কৃষক শক্তিৰ দল।
অ’ বনুৱা সমনীয়া
আগবাঢ়ি যাওঁ বল্ ।
জাগ্ জাগ্ জাগ্ জাগ্
মজদুৰ ন জোৱান।
নিৰ্যাতিত নিপীড়িত
কৃষক শক্তিমান।
তাৰ পিছত তেওঁ উদাত্ত ভাবে গাইছে-
ধ্বংস কৰ্ ধ্বংস কৰ্
ধনীৰ অহংকাৰ ।
দয়া মায়া নকৰিবি
ক্ষমাৰ দিন যে গ’ল
হাল ,কোৰ, দা ,হাতুৰি লৈ
ৰণলৈ যাওঁ বল্।।
বিপ্লৱী কবি বিষ্ণু প্ৰসাদ ৰাভাৰ চিন্তাধাৰাত সমাজৰ শোষক শ্ৰেণীৰ শোষণ, নিৰ্যাতন,অন্যায়, অত্যাচাৰ,ব্যাভিচাৰ আদিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ শোষিত কৃষক – শ্ৰমিক শ্ৰেণীক একগোট হৈ আন্দোলনত জঁপিয়াই পৰিবলৈ আহ্বান কৰিছিল। কাৰণ, বিষ্ণু ৰাভাৰ বৈষম্য-মূলক  সমাজ ব্যৱস্থা সম্পৰ্কে সম্পূৰ্ণ সচেতন আছিল।কাৰণ ,তেওঁ ভালকৈ উপলব্ধি কৰিছিল যে,
” তই খুৱাৱ বিশ্ববাসীক
মাটি ফালি ধান
    তই  যুগাৱ ধনী শ্ৰেণীক
অস্ত্ৰ শক্তিমান
কাৰখানা -কল তোৰেই সৃজন
পথাৰ সুবহল।
নাঙল, কাঁচি , হাতুৰী ,দাৰ
যাদুকৰী ফল।
তোৰ বাহুতে আগবাঢ়ি যাওঁ।
অৰ্থাৎ কৃষকসকলে শস্য উৎপাদন কৰি বিশ্বৰ সকলো মানুহক খাদ্য যোগান ধৰে। শ্ৰমিকসকলে শ্ৰম কৰি এই পৃথিৱীৰ সকলোকে অত্যাৱশ্যকীয় সামগ্ৰী,যান-বাহন, বৃহৎ বৃহৎ ব্যৱসায় প্ৰতিষ্ঠান, অত্যাধুনিক ভৱন ইত্যাদি যোগান ধৰি মানৱ- সভ্যতাক ক্ৰমে উত্তৰোত্তৰ সমৃদ্ধিশালী কৰি আছে; অথচ তেওঁলোকে সদায়েই বঞ্চিত, লাঞ্চিত হৈ আছে।সেয়ে সাম্যবাদী ভাৱধাৰাৰ কবি বিষ্ণু প্ৰসাদ ৰাভাই তেখেতৰ কবিতা আৰু গীতেৰে সমাজৰ সকলো বৈষম্য দূৰ কৰি এখন শ্ৰেণীহীন সমাজ-ব্যৱস্থাৰ কথা চিন্তা কৰিছিল সাম্প্ৰতিক যুগতো অসম তথা ভাৰতৰ সমাজত শাসক তথা শোষক শ্ৰেণীৰ শোষিতৰ ওপৰত নিপীড়ন আৰু বেছি তীব্ৰতৰ ভাৱে বাঢ়ি গৈ আছে ।সেয়ে, বিষ্ণু ৰাভা দেৱৰ বৈপ্লৱিক চিন্তা ধাৰাৰ এতিয়াও প্ৰাসংগিকতা আছে।সেয়ে, প্ৰগতিশীল চিন্তাধাৰাৰ কবি ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সাম্যবাদী ভাৱধাৰাৰ বিপ্লৱী কবি বিষ্ণু প্ৰসাদ ৰাভাক উদ্দেশ্য কৰি লিখিছে –
” বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি?
ডাচকেপিটেলৰ বহু পৃষ্ঠা বাকী।”
( বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি?)