বিশ্ব হিন্দু পৰিষদৰ সংবাদ মেল 

বিশ্ব হিন্দু পৰিষদৰ সংবাদ মেল 

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতবৰ্ষৰ আধ্যাত্মিক সাংস্কৃতিক পৰিৱেশক নস্যাত কৰি খ্ৰীষ্টিয়ান মিছনেৰী আৰু মুছলমান মৌলবীসকলে সৰ্বব্যাপী আগ্ৰাসী ধৰ্মান্তকৰণৰ ষড়যন্ত্ৰৰ কামত উদ্ভৱ হোৱা পৰিস্হিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব হিন্দু পৰিষদে ধৰ্ম ৰক্ষা অভিযান কাৰ্যসূচী ২০-৩১ ডিচেম্বৰলৈ ৰাষ্ট্ৰীয় ভিত্তিত পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷-এই মন্তব্য দিল্লীৰ বিশ্ব হিন্দু পৰিষদৰ সংযুক্ত মহামন্ত্ৰী স্বামী বিজ্ঞানানন্দজীৰ৷আজি বিশ্ব হিন্দু পৰিষদ,উত্তৰ পূব প্ৰান্তে দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলত এইদৰে কয় স্বামী বিজ্ঞানানন্দজীয়ে৷তেওঁ পুনৰ কয় স্বামী শ্ৰদ্ধানন্দজীৰ যিগৰাকী ধৰ্ম প্ৰত্যাৱৰ্তন কাৰ্যৰ অগ্ৰণী আছিল৷তেওঁৰ আত্মবলিদানৰ দিনটো ’ধৰ্ম ৰক্ষা দিৱস’ হিচাপে পালন কৰিবলৈ ঠিৰাং কৰা হৈছে৷সমস্যাটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এই কাৰ্যসূচী সৰ্বভাৰতীয় কাৰ্যসূচী হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱা হয়৷যাতে খ্ৰীষ্টিয়ান মিছনেৰী আৰু মুছলিম মৌলবীসকলৰ অবৈধ ধৰ্মান্তকৰণৰ ষড়যন্ত্ৰক ৰাইজৰ মাজত উন্মুক্ত কৰিব পৰা যায়,তাৰ বাবে প্ৰচাৰ পত্ৰিকা,জনসজাগতা সভা,ৰাজহুৱা প্ৰচাৰ,প্ৰচাৰ মাধ্যম আদিৰ যোগেদি ৰাইজক অৱগত কৰি ধৰ্মান্তকৰণ ৰোধ কৰাৰ প্ৰচেষ্টা লোৱা হ’ব৷কৰ’না মহামাৰীৰ এই দুৰ্যোগৰ সময়ত যেতিয়া প্ৰায়বোৰ হিন্দু সংগঠন ৰাইজৰ সেৱাত ব্ৰতী হৈ আছিল তেতিয়াই খ্ৰীষ্টিয়ান মিছনেৰী,ইছলামিক মৌলবী আৰু মিঞাসকলে আক্ৰমণাত্মকভাৱে সাধাৰণ সৰল দুখীয়া লোকসকলক ধৰ্মান্তকৰণত ব্যস্ত হৈ আছিল৷খ্ৰীষ্টিয়ান মিছনেৰী সকলে আৰোগ্য সভাপাতি অবৈধ আৰু চক্ৰান্ত কৰি পিছপৰা গ্ৰামাঞ্চলত ধৰ্মান্তকৰণৰ কাৰ্যত লিপ্ত আছিল৷মিছনেৰী সকলে নিজেই প্ৰকাশ কৰিছে যে বিগত ২৫ বছৰত যিমান গীৰ্জাঘৰ আছিল,এই কৰ’না কালত তাতকৈ অধিক গীৰ্জাঘৰ স্হাপন কৰা হৈছে৷আনহাতে মুছলিম মৌলবী সকলে গোপনে অতি সক্ৰিয়ভাৱে হিন্দু ধৰ্ম বিদ্বেষী ’লাভ জেহাদ’ তথা হিন্দু নাৰীক হত্যা কৰা ঘটনা দেশৰ সকলো প্ৰান্তত সংঘটিত কৰি আছে৷অবৈধ ধৰ্মান্তকৰণৰ ফলত জনগাঁথনিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে৷হিন্দু সমাজে দেশ বিভাজনৰ সময়ত লাখ লাখ হিন্দুৰ নৃশংস হত্যাৰ বেদনা আৰু তাৰ পাছত সন্ত্ৰাস,আতংক আৰু নিৰ্যাতনৰ কষ্ট কৰিবলৈ তেওঁলোকৰ নিজেই কিছুমান আক্ৰমণ কৰা ঘটনাৰ সৃষ্টি কৰিছে৷