বিশ্ব জল দিৱস- স্বাগতা বৰুৱা গোস্বামী

Pc Utility Magazine

‘বিশ্ব জল দিৱস’

মৰমৰ মইনাহঁত বহুত দিনৰ বিৰতিৰ পাছত তোমালোকৰ ওচৰলৈ আহিছো।তোমালোক ভালে আছা নহয়নে?আজি তোমালোকক এটা শব্দত প্ৰকাশ কৰা এটা সুধিম,অবাবত খৰছ নকৰা মানুহক কি কয় জানানে? মিত্যৱয়ী বুলি কয়।এই শব্দটোৱে আমাৰ জীৱনত এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।এতিয়া আমি আমাৰ ধনসমূহ খৰছ কৰাৰ সময়ত আই চাই ব্যয়ৰ ওপৰত গুৰুত্ব দিব লাগে। আমাৰ ধনসমূহ জধে মধে খৰছ কৰাৰ ফলত কেতিয়াবা হাতত পইছা নথকা অৱস্থাও হবগৈ পাৰে।সেইবাবে আমি মিতব্যয়ী হোৱাতো খুবেই প্ৰয়োজন। মিতব্যয়ী মানুহে সদায় সঞ্চয়ত গুৰুত্ব দিয়ে।আগৰদিনতো মানুহে সঞ্চয় কৰিছিল পেৰা,বাহৰ চুঙা আদিত কাৰণ আগৰ দিনত আজিৰ দৰে বেংক ব্যৱস্থা নাছিল।মুঠৰ ওপৰত সঞ্চয় নকৰিলে আমাৰ বিপদ অনিবাৰ্য। কেৱল যে আমি ধন সঞ্চয়তে গুৰুত্ব দিব লাগে তেনে নহয়।সকলো বস্তু ব্যৱহাৰ কৰোতে কেতিয়াও অবাবত অপচয় কৰিব নালাগে। বিদ্যুত, পানী,পেট্ৰল,ডিজেলৰ দৰে বস্তুবোৰ কেতিয়াও অবাবত খৰছ কৰিব নালাগে।কাৰণ এইবোৰৰ পৰিমাণ দিনে দিনে হ্ৰাস হৈ গৈ আছে।এতিয়া আমি যদি পানীলৈকে চাও আমাৰ পৃথিৱীৰ উপৰিভাগৰ প্ৰায় ৭১% ভাগ পানীয়ে আগুৰি আছে।বিপুল জল ৰাশিৰ ৯৭ শতাংশ ই সমুদ্ৰৰ লুণীয়া পানী।গতিকে আমাৰ ব্যৱহাৰ যোগ্য পানীৰ পৰিমান তেনেই নগন্য। আমাৰ দৈনন্দিন জীৱনত ৰাতিপুৱা শুই উঠাৰ পাছৰ পৰাই পানী প্ৰয়োজন আহি পৰে।গতিকে আমাক দিনটোত কিমান পানীৰ প্ৰয়োজন হয় ভাবি চাবাচোন।সেইবাবে আমি মুখ ধোওতে বা কাপোৰ ধোওতে বা গা ধোওতে অবাবত টেপটো খুলি থৈ পানী অপচয় কৰিব নালাগে।আমি যাতে আমাৰ পানীৰ সঞ্চয়ৰ ওপৰত সজাগ হও সেই উদ্দেশ্যেই 1992 চনত ব্ৰাজিলৰ ৰাজধানী ৰিঅ’ ডি জেনেৰিঅ’ত ৰাষ্ট্ৰসংঘৰ পৰিবেশ আৰু উন্নয়ন শীৰ্ষক সন্মিলনত ‘ বিশ্ব জল দিৱস’ পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু 1993 চনৰপৰাই প্ৰতি বছৰে 22মাৰ্চ দিনটো ‘বিশ্ব জল দিৱস’ হিচাপে পালন কৰি অহা হৈছে।গতিকে আগন্তুক জল দিৱসত আমি পানীৰ সঞ্চয়ৰ ওপৰত সজাগতা সৃষ্টিৰ সংকল্প লও আহা।আমাৰ হাততেই আছে ভবিষ্যত প্ৰজন্মৰ সুৰক্ষা।

স্বাগতা বৰুৱা গোস্বামী