বিশ্বৰ ১৯৬ দেশ ভ্রমণ কৰি ২১ বছৰ বয়সতে গীনিজ ৰেকৰ্ডত নাম অন্তভুক্ত

pc- traveling like a pro

বিশ্বৰ ১৯৬ দেশ ভ্রমণ কৰি ২১ বছৰ বয়সতে গীনিজ ৰেকৰ্ডত নাম অন্তভুক্ত

অনলাইন বাৰ্ত্তাসেৱা-  আমেৰিকাৰ লেক্সি আলফ’ৰ্ড নামৰ যুৱতী এগৰাকীয়ে ২১ বছৰ বয়সতে প্রায় সমগ্র পৃথিৱীখনেই ভ্রমণ কৰিবলৈ সক্ষম হৈছে। বিশ্বৰ মুঠ ১৯৬খন দেশ ২১ বছৰ বয়সতে ভ্ৰমণ কৰি লেক্সি আলফ’ৰ্ডে গীনিজ ৰেকৰ্ডত নাম অন্তভুক্ত কৰিবলৈ সক্ষম হৈছে। ২১ বছৰ বয়সত উত্তৰ কোৰিয়া পর্যন্ত ভ্ৰমণ কৰিছে যুৱতীগৰাকীয়ে ৷ বৰ্তমান লেক্সিৰ বয়স ২৩ বছৰ। পিতৃ-মাতৃয়ে কেলিফর্নিয়াত এক ট্রেভেল এভেঞ্চী চলায় এই সূত্রেই শৈশৱৰ পৰাই লেক্সিৰ বিদেশ ভ্ৰমণ আৰম্ভ হৈছিল।