বিশ্বৰ তিনিজোপা ভয়ংকৰ গছ – তৃষ্ণাক্ষি বৰুৱা

pc Unbelievable Facts

বিশ্বৰ তিনিজোপা ভয়ংকৰ গছ

■ তৃষ্ণাক্ষি বৰুৱা

আমাৰ পৃথিৱীখনত ৩ লাখতকৈ অধিক প্রজাতি গছ-গছনি দেখিবলৈ পোৱা যায়। আমি এই গছ-গছনিসমূহৰ পৰাই অক্সিজেন লৈ জীয়াই থাকোঁ। গছ-গছনিৰ অবিহনে মানুহ জীয়াই থকাটো একেবাৰেই অসম্ভৱ। গছ মানুহৰ বাবে ইমান উপকাৰী হোৱাৰ পাছতো কিন্তু এই পৃথিৱীতে এনে কিছুমান গছো আছে যি মানুহৰ বাবে হানিকাৰক। তেনে কেইজোপামান গছৰ বিষয়ে এই লেখাটোত আলোচনা কৰিব বিচাৰিছোঁ।

pc Unbelievable Facts

আমি আলোচনা কৰিবলৈ লোৱা প্রথমজোপা গছ হ’ল Sandbox trees | Sandbox trees গছজোপা প্রায় ১৩০ ফুট উচ্চতালৈকে বৃদ্ধি পায়। গছজোপাৰ গা-গছডালত আৰু ডালবোৰত বিষাক্ত কাঁইট দেখিবলৈ পোৱা যায়। তদুপৰি এই গছজোপাৰ পাত, ফলসমূহো অতি বিষাক্ত। এই গছৰ ফলবোৰ হঠাৎ ফুটি যায় আৰু ইয়াৰ বীজসমূহ প্রায় ২৫০ কিঃমিঃ দ্রুতগতিত আহি মানুহৰ গাত লাগে, যাৰ ফলত বন্দুকৰ গুলীৰ দৰে অতি তীব্রবেগত এই বীজসমূহে গাত আঘাত কৰিব পাৰে। কেৱল সেয়াই নহয়, গছজোপাৰ আন এটা বৈশিষ্ট্য হ’ল গছজোপা কাটিলে যি বিজলুৱাধৰণৰ আঠা ওলাই সেইসমূহ যদি আমাৰ গাত লাগে, তেন্তে এচিডৰ দৰে পুৰিবলৈ আৰম্ভ কৰে আৰু যদি চকুত পৰে তেন্তে চকুৰে তৎক্ষণাৎ নেদেখা হৈ যায়।


আমি আলোচনা কৰিবলৈ লোৱা দ্বিতীয়জোপা গছ হ’ল Cherry trees। আমি সকলোৱে চেৰি খাই ভাল পাওঁ। বিভিন্ন খাদ্যবস্তুত আমি চেৰি দেখিবলৈ পাওঁ। কিন্তু চেৰি গছসমূহ অতি ভয়ানক। চেৰি গছজোপাত কিছুমান বিষাক্ত গেছ তথা এচিড থাকে। চেৰিগছৰ পাতবোৰো অতি বিষাক্ত। যদি এই পাত কোনো প্রাণীয়ে খাদ্য হিচাপে গ্ৰহণ কৰে, তেন্তে কিছুসময় পাছত প্ৰাণীটোৱে বমি কৰিবলৈ আৰম্ভ কৰে। কেৱল সেয়াই নহয়, চেৰি গছৰ পৰা এনেকুৱা কিছুমান বিষাক্ত গেছ ওলায়, যিবোৰৰ ফলত আমি যদি অলপ সময়ৰ বাবে গছজোপাৰ ওচৰত থাকোঁ, তেন্তে আমাৰ মূৰ ঘূৰাবলৈ আৰম্ভ কৰিব পাৰে।

pc OrissaPOST

আমি আলোচনা কৰিবলৈ লোৱা তৃতীয়জোপা গছ হ’ল Cerebral odollam | এই গছজোপা বিশেষকৈ ভাৰতবৰ্ষত বেছিকৈ পোৱা যায়। এই গছজোপাৰ ফলবোৰ সেউজীয়া বৰণৰ আৰু আকাৰত ঘূৰণীয়া। এই গছৰ ফলবোৰ খালে মানুহ পাগল হয় বুলি কোৱা হয়। কিয়নো, এই গছৰ ফলবোৰত বিষাক্ত ৰাসায়নিক দ্রব্য থাকে। ফলত এই ফল খালে মানুহৰ মূৰ ঘূৰাবলৈ আৰম্ভ কৰে আৰু ভালকৈ চলাচল কৰিব নোৱাৰা হয়। কেৱল সেয়াই নহয়, এই গছৰ ফুলবোৰৰ পৰা বিষাক্ত গেছ ওলায়, যিবোৰৰ ফলত মানুহ তথা অন্যপ্রাণীৰ বাবেও হানিকাৰক।