বিশ্বকৰ্মা পূজাৰ ইতিহাস
স্বাগতা বৰুৱা গোস্বামী
অন্য দিনৰ দৰে আজিও জুৰি বাইদেউ সাজু হৈছে অনলাইন ক্লাছ কৰিবৰ বাবে।কিন্তু আজিযেন তেওঁৰ মৰমৰ কনমানি কেইটাক অলপ কিতাপৰ বাহিৰৰ কথা কোৱাৰ মানসেৰে ক্লাছটো আৰম্ভ কৰিছে।মৰমৰ ছাত্র ছাত্ৰীসকল,তোমালোকক আজি মই বৰ আচৰিত যেন লগা এটা ইতিহাসৰ বিষয়ে ক’ম।শুনিবানে?শুনিম বাইদেউ,বুলি সকলোৱে কৈ উঠিল।এতিয়া কোৱাচোন তোমালোকে চাফ-চিকুণ হৈ থাকি ভাল পোৱানে?পাওঁ বাইদেউ। আমি সদায় চাফ-চিকুণ হৈ থাকিব লাগে কাৰণ চাফ-চিকুণতা তথা পৰিস্কাৰ পৰিচ্ছনতাই হৈছে সুস্থ আৰু সবল মনৰ আধাৰ।সম্প্ৰতি গোটেই পৃথিৱীক কপাঁই তোলা অতিমাৰীৰ পৰা হাত সৰাৰ উপায় এটাই, পৰিস্কাৰ পৰিচ্ছনতা।আমাৰ দেশৰ প্ৰধানমন্ত্ৰী জনেও চাফ-চিকুণতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিয়েই ২০১৪ চনত আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ সপোন বাস্তৱ কৰাৰ উদ্দেশ্যে স্বচ্ছ ভাৰত অভিযান মিছন আৰম্ভ কৰিছিল।আমি শাৰীৰিক, মানসিক, বৌদ্ধিক এই সকলো প্ৰকাৰে স্বাস্হ্যবান হৈ থাকিবলৈ হ’লে পৰিস্কাৰ হোৱাটো দৰকাৰ।এতিয়া আহো আচল কথালৈ।আমাৰ ইতিহাসত এই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগত সংগতি ৰাখি এভাগ পূজা কৰা হয়।তোমালোকে বাৰু জানানে? নিশ্চয় নাজানা নহয়।মই কৈছো শুনা—
১৮৩৮ চনৰ কথা, কলকাতাত থমছন প্ৰেছ বুলি এটা ডাঙৰ প্ৰেছ অছিল আৰু থমছন চাহাব আছিল সেই প্ৰেছৰ প্ৰতিস্হাপক।এই প্ৰেছটোৰ কৰ্মচাৰী সকল আছিল ভাৰতীয়।তেওঁলোকৰ কাম বন বৰ ভাল আছিল।বিট্ৰিছ সকলে আকৌ চাফ-চিকুণতাৰ ওপৰত বহুত গুৰুত্ব আৰোপ কৰিছিল।যিহেতুকে এইটো এটা ছাপাশাল গতিকে তাত চাফ-চিকুণতাৰ বৰ প্ৰয়োজন, নহ’লে প্ৰিণ্টিং বোৰ ভাল নহ’ব।সেই উদ্দেশ্যে তেওঁ ভাৰতীয় সকলক প্ৰেছটো চাফা কৰাৰ কথা কৈ থাকে কিন্তু তেওঁলোকে গুৰুত্ব নিদিয়ে।এবাৰ তেওঁ মনতে এটা কথা আলচ কৰি এজন পুৰুহিতক মাতি পঠালে।নিৰ্দিষ্ট সময়ত পুৰুহিত অহিল,তেওঁ পুৰুহিতক হিন্দু ধৰ্মত চাফ-চিকুণতাৰ কোনোবা ভগবান আছে নেকি সুধিলে?তেতিয়া তেওঁ ক’লে তেনেকুৱাতো ভগবান নাই।তাৰ পিছত অলপ সময় চিন্তা কৰি বিশ্বকৰ্মাৰ কথা ক’লে।তেওঁৰ মুখেৰে বিশ্বকৰ্মাৰ কথা শুনি থমছন চাহাবে পুৰুহিতক বিশ্বকৰ্মা পূজাৰ ওপৰত এখন বিধি তৈয়াৰ কৰিবলৈ ক’লে আৰু সেই হিচাপেই পূৰুহিতে বিধি তৈয়াৰ কৰিলে তাৰপিছত ১৮৩৮চনৰে ১৭ চেপ্তেম্বৰত প্ৰথম কলকাতাত তেওঁলোকে বিশ্বৰ্কমা পূজা আৰম্ভ কৰিলে। এই পূজা ভাগৰ বাবে সকলোৱে মিলি প্ৰেছটো চাফাওঁ কৰিলে।বিশ্বকৰ্মা পূজা সেইবাবে প্ৰেছ,কল-কাৰাখানা,উদ্যোগ আদিত পতা হয় আৰু পূজাৰ আগদিনা সকলোৱে মিলি চাফ -চিকুণ কৰে।ঘৰবিলাকতো সেইদিনা ঘৰৰ সকলো বস্তু চাফ-চিকুণ কৰি বিশ্বকৰ্মাক আৰাধনা কৰা হয়।গতিকে দেখিলা আমাৰ জীৱনত চাফ-চিকুণতাৰ কিমান প্ৰয়োজন আছে।পৰিস্কাৰ পৰিচ্ছন্ন হৈ থাকিবা তেতিয়াহে সুস্হ মনৰ গৰাকী হ’ব পাৰিবা।আজিলৈ ইমানতে এৰিলো বুলি ক্লাছটোৰ সামৰণি মাৰিলে।