বিশ্বকাপ ফুটবল ২০২২ ৰ ইটো সিটো-দেবর্ষি গৌতম

বিশ্বকাপ ফুটবল ২০২২ ৰ ইটো সিটো

২০ নৱেম্বৰ তাৰিখে আৰম্ভ হৈ ১৮ ডিচেম্বৰ তাৰিখে সমাপ্ত হোৱা কাটাৰ বিশ্বকাপ ফুটবলৰ মহাৰণত বিশ্বৰ ৩২ দলে প্ৰতিদ্বন্দিতা আগবঢ়াই। এই ৩২ দলৰ তুমুল প্ৰতিদ্বন্দিতাৰ অন্তত লিয়’নেল মেছিৰ আৰ্জেন্টিনা দলটো শ্ৰেষ্ঠ দল হিচাপে বিজয়ী হবলৈ সক্ষম হয়। আৰ্জেন্টিনাৰ ফুটবল সম্ৰাট মাৰাডোনাৰ উত্তৰাধিকাৰী হিচাপে অভিহিত কৰা কিংবদন্তি ফুটবলাৰ লিয়’নেল মেছিৰ বিশ্বকাপ জয়ৰ সপোন পূৰণ হয় কাটাৰ বিশ্বকাপত। নিজৰ দুভৰিৰ যাদুৰে হেট্ৰিক অৰ্জন কৰি দৰ্শকৰ মান মুহিবলৈ সক্ষম হোৱা ফ্ৰান্সৰ কিলিয়ান এম্বাপেৰ একেৰাহে দুবাৰ বিশ্বকাপ জয় কৰা সপোন সপোন হৈয়ে ৰৈ যায়। এই বিশ্বকাপ বহুতো দিশৰ পৰা অসাধাৰণ হিচাপে পৰিগণিত হৈছে। ফিফা ৰেংকিংৰ ৫১ নং স্থানত থকা চৌদি আৰবে ফিফা ৰেংকিংৰ ৩ নং স্থানত থকা আৰ্জেন্টিনাক ২-১ গলৰ ব্যৱধানত পৰাজিত কৰি বিশ্বকাপৰ প্ৰথমটো অঘটন সংঘটিত কৰে। ইয়াৰ পিছত ফিফা ৰেংকিংৰ ২৪ নম্বৰ স্থানত থকা জাপানে প্ৰথমে ফিফাৰ ১১ নং ৰেংকিংত থকা জাৰ্মানীক ২-১ আৰু ইয়াৰ পিছত ফিফাৰ ৭ নং ৰেংকিংত থকা স্পেইনক ২-১ গলৰ ব্যৱধানত হৰুৱাই আন এক অঘটন সংঘটিত কৰে। ইয়াৰ উপৰিও মৰক্কোৰ হাতত পৰাস্ত হয় বেলজিয়াম, কেমেৰুণৰ হাতত পৰাস্ত ব্ৰাজিল আনহাতে দক্ষিণ কোৰিয়াৰ হাতত পৰাস্ত হয় পৰ্টুগাল। ইয়াৰ পিছত আটাইতকৈ ডাঙৰ অঘটন সংঘটিত কৰে ফিফা ৰেংকিংৰ ২২ নং স্থানত থকা মৰক্কৱে। মৰক্কোৱে প্রি-কোৱাটাৰ ফাইনেলত ট্ৰেইবেকাৰৰ সহায়ত স্পেইনক পৰাস্ত কৰাৰ বিপৰীতে কোৱাটাৰ ফাইনেলত পৰ্টুগালক পৰাস্ত কৰি আফ্ৰিকাৰ প্ৰথমটো দল হিচাপে বিশ্বকাপ ফুটবলৰ চেমিফাইনেলত প্ৰৱেশ কৰে। এই বিশ্বকাপত আয়োজক কাটাৰে গ্ৰুপ পৰ্য্যায়ৰ পৰা বিদায় লোৱা প্ৰথম দল হিচাপে পৰিগণিত হয়। ইয়াৰ উপৰিও গ্ৰুপ পৰ্য্যায়ৰ পৰা বিদায় লোৱা বিশ্ব ফুটবলৰ শক্তিশালী দল সমূহৰ ভিতৰত উল্লেখযোগ্য নামসমূহ হল ৱেলছ, ডেনমাৰ্ক, জাৰ্মানী, বেলজিয়াম আৰু উৰুগুৱে। চেমিফাইনেলত ফ্ৰান্সে মৰক্কোক আৰু আৰ্জেন্টিনাই ক্ৰ’য়েছিয়াক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বিশ্বকাপ ট্ৰফী নিজৰ দেশৰ বাবে জয়ী কৰাৰ অন্তিম যুঁজত ফ্ৰান্স আৰু আৰ্জেন্টিনাৰ খেলুৱৈ সকলৰ প্ৰদৰ্শন আছিল অতি উন্নত মানদণ্ডৰ। নিৰ্ধাৰিত সময় আৰু অতিৰিক্ত সময়ৰ দুয়োটাতে আৰ্জেন্টিনাৰ হৈ অন্তিম বিশ্বকাপ খেলা লিয়’নেল মেছিয়ে দুটা আৰু এঞ্জেল ডি মাৰিয়াই এটা গল কৰাৰ বিপৰীতে ফ্ৰান্সৰ হৈ যুৱ খেলুৱৈ কিলিয়ান এম্বাপে হেট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হয়। অৱশেষত ট্ৰেইবেকাৰৰ জৰিয়তে আৰ্জেন্টিনাই ফ্ৰান্সক ৪-২ গলৰ ব্যৱধানত পৰাজিত কৰি বিশ্বকাপ ফুটবলৰ বিজয়ী ট্ৰফীত চুমুক দিবলৈ সক্ষম হয়। বিশ্বকাপত আটাইতকৈ বেছি গল কৰিবলৈ সক্ষম হোৱা কিলিয়ান এম্বাপে লাভ কৰে গোল্ডেন বুট আনহাতে আৰ্জেন্টিনাৰ অধিনায়ক লিয়’নেল মেছি লাভ কৰে গোল্ডেন বল ইয়াৰ উপৰিও আৰ্জেন্টিনাৰ গল ৰক্ষক এমিলিয়ানো মাৰ্টিনেজে লাভ কৰে গোল্ডেন গ্ল’ভ আৰু আৰ্জেন্টিনাৰ এনজো ফাৰ্ণান্ডেজে লাভ কৰে শ্ৰেষ্ঠ যুৱ খেলুৱৈৰ বঁটা। ফুটবল বিশ্বকাপ বিজয়ী আৰ্জেন্টিনাই ফিফাৰ পৰা লাভ কৰে ৪২ মিলিয়ন মাৰ্কিন ডলাৰ আনহাতে দ্বিতীয় স্থানত থকা ফ্ৰান্সে লাভ কৰে ৩০ মিলিয়ন মাৰ্কিন ডলাৰ। তৃতীয় স্থানত থকা ক্ৰয়েছিয়াই লাভ কৰে ২৭ মিলিয়ন মাৰ্কিন ডলাৰ, চতুৰ্থ স্থানত থকা মৰক্কোৱে লাভ কৰে ২৫ মিলিয়ন মাৰ্কিন ডলাৰ, কোৱাটাৰ ফাইনেলত পৰাজিত হোৱা দলসমূহে লাভ কৰে ১৭ মিলিয়ন মাৰ্কিন ডলাৰ, প্ৰি-কোৱাটাৰ ফাইনেলত পৰাজিত হোৱা দলসমূহে লাভ কৰে ১৩ মিলিয়ন মাৰ্কিন ডলাৰ, গ্ৰুপ পৰ্যায়ৰ পৰা বিদায় লোৱা দল সমূহে লাভ কৰে ৯ মিলিয়ন মাৰ্কিন ডলাৰ। পৰাজিত হৈ বিফলতাৰে বিশ্বকাপৰ অভিযান আৰম্ভ কৰা আৰ্জেন্টিনাই বিশ্ব বিজয়ী হৈ সামৰণি মাৰে ফুটবল বিশ্বকাপৰ অভিযান।

দেবর্ষি গৌতম
গাঁও – বনগাঁও