বিল্বেশ্বৰ দেৱালয়ত আজিৰে পৰা দহদিনীয়া দূৰ্গা পূজা আৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা- নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত আজিৰে পৰা দুৰ্গতিনাশিনী দুৰ্গাৰ পূজা-অৰ্চনা আৰম্ভ কৰা হৈছে। দুহেজাৰ বছৰ পুৰণি ইতিহাসপ্ৰসিদ্ধ এই বিল্বেশ্বৰ দেৱালয়ত শুক্ল প্ৰতিপদ তিথিৰ আজিৰ এই দিনটোত দেৱী দুৰ্গাক শৈলপুত্ৰী ৰূপে ৰাতিপুৱাৰে পৰা পূজা–অৰ্চনা কৰা হৈছে।  আজি পুৱাৰে পৰা ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে ইতিহাসপ্ৰসিদ্ধ এই বিল্বেশ্বৰ দেৱালয়ত। পৰম্পৰাগতভাৱে প্ৰতিবছৰে বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজা দহ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল যদিও বিগত দুবছৰত ক’ভিড মহামাৰীৰ বাবে এদিনীয়া কাৰ্যসূচীৰে পূজা–অৰ্চনা কৰা হৈছিল আৰু সমিতিৰ ফালৰ পৰা এটা ম’হ বলিৰে দেৱীৰ পূজা–অৰ্চনা কৰা হৈছিল৷কিন্তু এইবাৰ ক’ভিড পৰিস্থিতি উন্নত হোৱাত ২৬ ছেপ্টেম্বৰ পৰা ৫ অক্টোবৰলৈ দহ দিনীয়া কাৰ্যসূচীৰে দুৰ্গতিনাশিনী দুৰ্গাৰ পূজা–অৰ্চনা কৰা হ’ব । আনহাতে এইবাৰ দেৱীৰ চৰণলৈ ভক্তই আগবঢ়াইছে ৬৫ টা ম’হ৷ইয়াৰে ৪৫ টা হ’ব বলি আৰু বাকীবোৰ কৰা হব উৎসৰ্গা৷পৰম্পৰা অনুসৰি দেৱালয়ত আজিও আছে পাইক প্ৰথা৷দেৱালয়ৰ চৌহদতে আছে ৰজাদিনীয়া দেৱান পুখুৰী৷ঐতিহাসিক দেৱালয় খনৰ দূৰ্গা পূজাত নাথাকে মৃন্ময় প্ৰতিমা৷ইয়াৰ বিপৰীতে ৰামকল গছৰ পুলিক সজোৱা হয় দেৱী প্ৰতিমা৷আধ্যাত্মিকতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া বিল্বেশ্বৰ দেৱালয়ৰ দূৰ্গা পূজাৰ ভক্তৰ সুবিধাৰ্থে ২০০ তকৈও অধিক স্বেচ্ছাসেৱক নিয়োগ কৰা হৈছে।,আৰক্ষী-প্ৰশাসনেও শান্তি শৃংখলা বজাই ৰখাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।আনকি ব্যৱস্থা কৰা হৈছে CCTV  কেমেৰাৰো৷