বিভিন্ন কাৰ্যসূচীৰে  বৰাকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Pc- Facebook

বিভিন্ন কাৰ্যসূচীৰে বৰাকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , বিভিন্ন কাৰ্যসূচীৰ সমান্তৰালকৈ  কেবাখনো দূৰ্গা পূজাত ভাগ লৈ দুৰ্গতি নাশিনীৰ আশিষ বিচাৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

ৰঙিলী বাৰ্ত্তাসেৱা-  মহা  সপ্তমীৰ দিনা  কুম্ভিৰগ্ৰাম বিমানবন্দৰ অবতৰন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । আৰু বিমান বন্দৰৰ পৰা মুখ্যমন্ত্ৰী গৰাকী পোনে পোনে উপস্থিত হয় কাছাৰৰ উধাৰবন্দ এলেকাৰ ঐতিহাসিক কাচাকান্তি কালিবাৰী মন্দিৰত । তাত উপস্থিত হৈ মন্দিৰত মুখ্যমন্ত্ৰীয়ে আশিষ বিচাৰে । ইয়াৰ পাছত শিলচৰ আৱৰ্ত ভৱনত অলপ জিৰনী লৈ মুখ্যমন্ত্ৰী গৰাকী গৈ উপস্থিত হয় মালুগ্ৰাম পঞ্চানন শিৱ মন্দিৰত । তাত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেবী দূৰ্গাৰ চৰণত অঞ্জলি প্ৰদান কৰে । মালুগ্ৰামৰ পৰা মুখ্যমন্ত্ৰী উভতি যোৱাৰ পথত মাজত কেবাটাও দূৰ্গা মন্ডপত দেবী দুৰ্গাক দৰ্শন কৰি মুখ্যমন্ত্ৰী গৈ উপস্থিত হয় উত্তৰ পূৰ্বাঞ্চলৰ বিজেপিৰ মহীৰূহ কবিন্দ্ৰ পুৰকায়স্থৰ বাসস্থানৰ কাষত থকা শেওড়া তলা দুৰ্গা মন্ডপত । আৰু তাতো মুখ্যমন্ত্ৰীয়ে দুৰ্গতি নাশিনীৰ আশিষ বিচাৰে । ইয়াৰ পাছত ৰামকৃষ্ণ হৈ উপস্থিত হয় শিলচৰ এনআইটিত বৃক্ষৰোপণ কাৰ্যসূচীত । প্ৰিয় মুখ্যমন্ত্ৰীক কাষত পাই বহুতে ব্যস্ত হৈ পৰিছিল ছেলফি লবলৈ । অৱশেষত সন্ধিয়াৰ পাছত পুনৰ শিলচৰ চহৰৰ বিভিন্ন পূজা মন্ডপ পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । গোটেই দিন মুখ্যমন্ত্ৰীৰ লগত সংগ দিছিল বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, শিলচৰৰ সাংসদ ৰাজদীপ ৰৱ, শিলচৰৰ বিধায়ক দ্বীপায়ন চক্ৰৱৰ্ত্তী সহ কাছাৰ বিজেপিৰ বহু নেতৃবৃন্দ ।