বিনাপ্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

pc- Facebook

বিনাপ্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অনলাইন বাৰ্ত্তাসেৱা-  প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যসভাত অসমৰ পৰা খালী হোৱা একমাত্ৰ আসনখনৰ বাবে বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’ল। অসম বিধানসভাৰ সচিবালয়ত নিৰ্বাচনী ৰিটানিং বিষয়াৰ পৰা আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱাৰ প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰে মন্ত্ৰীগৰাকীয়ে। মাজুলী সমষ্টিৰপৰা শেহতীয়াকৈ নিৰ্বাচিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত কেন্ত্ৰীয় হিচাপে শপতগ্ৰহণ কৰিছিল। এনে অৱস্থাত সোণোৱালে লোকসভা বা ৰাজ্যসভাৰ সাংসদ হোৱাটো প্ৰয়োজনীয় হৈ পৰিছিল। সেই অনুসৰিয়েই অসমৰ পৰা খালী হোৱা একমাত্ৰ আসনখনৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই সোণোৱালক প্ৰক্ষেপ কৰাৰ পাছত বিনাপ্ৰতিদ্বন্দ্বিতাৰে তেওঁ নিৰ্বাচিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰমাণ-পত্ৰ সংগ্ৰহত তেওঁক সংগ দয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাকে ধৰি ৰাজ্যিক বিজেপিৰ কেইবাজনো নেতাই। ৰাজ্যসভালৈ নিৰ্বতিত হোৱাৰ পাছত সৰ্বানন্দ সোণোৱালে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় ৰাজ্যসভা নিৰ্বাচনৰ নিৰ্বাচনী বিষয়াই অন্য প্ৰাৰ্থী নথকাৰ বাবে মোক বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয় হোৱাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ বাবে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰী গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ।