বিধানসভা চৌহদত গৌৰৱোজ্জ্বল ঐতিহ্যত আঁচোৰ লগা কাৰ্য্য অতিশয় লজ্জাজনক আৰু নিন্দনীয় – প্ৰদেশ কংগ্ৰেছ

pc- Facebook

বিধানসভা চৌহদত গৌৰৱোজ্জ্বল ঐতিহ্যত আঁচোৰ লগা কাৰ্য্য অতিশয় লজ্জাজনক আৰু নিন্দনীয় – প্ৰদেশ কংগ্ৰেছ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম বিধানসভাৰ চৌহদৰ ভিতৰৰ মূল সদনৰ প্ৰৱেশদ্বাৰত থকা আমাৰ ৬০০ বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাসৰ এক অন্যতম চানেকি স্বৰূপ “বৰ টোপ” কেইটাত সৌন্দর্যবৰ্দ্বনৰ নামত বিধানসভা সচিবালয় প্ৰশাসনে সোণালী ৰং সানি দিয়া কার্যক তীব্র গৰিহণা দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। এক বিবৃতিত প্ৰদেশ কংগ্ৰেছে কয় যে এই কাৰ্য্য অতি আশ্চর্যজনক, দুৰ্ভাগ্যজনক আৰু লজ্জাজনক। খোদ ৰাজ্যখনৰ আইন প্ৰণয়নৰ বৰঘৰতে এনেদৰে আমাৰ গৌৰৱোজ্জ্বল ঐতিহ্যত আঁচোৰ লগা কাৰ্য্য অতি নিন্দনীয়। সঁচাকৈয়ে কি যে এক অক্ষমণীয় কাণ্ডজ্ঞানহীন কাৰবাৰ ! নিজৰ ইতিহাসকে সন্মান কৰিব নজনা,সংৰক্ষণ কৰিব নোৱাৰা আমাৰ শাসকীয় পক্ষই ইয়াৰ পাছতো কি সতেৰে মুখেৰে অনবৰতে জাতি -মাটি-ভেটি ৰক্ষাৰ কথা কয় ? সি এক নুবুজা সাঁথৰ। বৰটোপৰ ৰং কোনো কালেই সোণালী নাছিল, সেইয়া সকলোৱে জানে। তৎসত্বেও কোনে কাৰ নিৰ্দেশত কি উদ্দেশ্যেৰে ক’লা বৰটোপত সোণালী ৰং সানিলে সি বিচার্যৰ বিষয়। এয়া অসমৰ গৌৰৱোজ্জ্বল ঐতিহ্যৰ প্ৰতি ঘোৰ অপমান। ঐতিহাসিক সম্পদৰ ওপৰত এনেদৰে অন্য প্ৰলেপ সানি ইয়াৰ প্ৰকৃত ৰুপ সলোৱাটো একেবাৰে গ্রহণযোগ্য আৰু যুক্তিসংগত নহয়। ই আইন বিৰোধী আৰু অবৈজ্ঞানিকো। যদি ৰাজ্যখনৰ আইন প্ৰণয়ন কৰা মূল বৰঘৰটোৰ দুৱাৰমুখতে থকা এই ঐতিহাসিক “বৰটোপ” কেইটাৰ স্বকীয়তা আৰু ঐতিহ্য সুৰক্ষিত নহয়, তেন্তে ক’ত হ’ব? সেয়েহে, এনে কাণ্ডজ্ঞানহীন কাম কৰি অক্ষমণীয় অপৰাধ কৰা ব্যক্তিক শীঘ্ৰেই চিনাক্ত কৰি দোষীক উপযুক্ত শাস্তি প্রদান কৰিবলৈ আমি প্ৰদেশ কংগ্ৰেছে বিধানসভাৰ অধ্যক্ষ , মুখ্যমন্ত্রী আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্রী গৰাকীক দাবী জনাইছো। যদি তেওঁলোকৰ তিলমানো নিজৰ ঐতিহ্য -সংস্কৃতি আৰু ইতিহাসৰ প্ৰতি সন্মান আছে তেন্তে অনুগ্ৰহ কৰি বিষয়টো একেবাৰে গুৰুত্বহীন বুলি হেয় জ্ঞান নকৰি তাৎক্ষণিকভাৱে তৎপৰতা প্রদর্শন কৰি অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ লগতে বিহিত ব্যৱস্থা গ্রহণ কৰক।