বিধানসভাত যোগানমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ তথ্যত স্পষ্ট ৰাজ্যত খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাস্তৱ ছবি

বিধানসভাত যোগানমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ তথ্যত স্পষ্ট ৰাজ্যত খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাস্তৱ ছবি

ৰঙিলী বাৰ্ত্তাসেৱা- সকলোৰে চকু কপালত তুলিছে। বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্রী দাসে সদনত দাখিল কৰা খাদ্য সামগ্ৰীৰ মূল্যৰ তালিকাই স্পষ্ট কৰি তুলিছে কিদৰে প্ৰতিবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। তথ্য অনুসৰি ২০২০ চনৰ মাৰ্চ মাহৰ পৰা চলিত বৰ্ষৰ ডিচেম্বৰ মাহলৈকে অৰ্থাৎ যোৱা ২১টা মাহত সর্বাধিক দাম বৃদ্ধি ঘটিছে পিঁয়াজ, মিঠাতেল আৰু দাইলৰ। বিধানসভাত দাখিল কৰা তথ্য অনুসৰি ২০২০ চনৰ মাৰ্চ মাহত প্ৰতিকিলো মচুৰ দাইল (ডাঙৰ)ৰ দাম আছিল ৬৩ টকা। আনহাতে, বৰ্তমান প্রতিকিলো মচুৰ দাইলৰ দাম ১০০ টকা। অর্থাৎ যোৱা ২১ মাহত মচুৰ দাইলৰ দাম ৫০.৭৯ শতাংশলৈ বৃদ্ধি হৈছে। খুচুৰা বজাৰত ৫ শতাংশতকৈ অধিক দাম বৃদ্ধিৰ বিপৰীতে পাইকাৰী বজাৰত প্ৰতিকিলো মচুৰ দাইলৰ দাম সৰ্বাধিক ২৬.৬৯ শতাংশলৈ বৃদ্ধি পাইছে। একেদৰে ২০২০ চনৰ মাৰ্চ মাহত প্রতিকিলো আইজং চাউলৰ দাম আছিল সৰ্বাধিক ২৭-৪০ টকা। বর্তমান আইজং চাউলৰ মূল্য ৩৪-৪০ অৰ্থাৎ খুচুৰা বজাৰত প্রায় ২৫.৯৩ শতাংশ মূল্যবৃদ্ধি ঘটিছে।  ২০২০ চনৰ মাৰ্চ মাহত মিঠাতেলৰ মূল্য আছিল প্ৰতিলিটাৰত ৯০ টকাৰ পৰা ১৩২ টকা। ইয়াৰ বিপৰীতে বর্তমান মিঠাতেলৰ মূল্য ১৬৬-২০৬ টকালৈ বৃদ্ধি হৈছে। অর্থাৎ প্রতিলিটাৰ মিঠাতেলৰ মূল্য খুচুৰা বজাৰত ৮৪.৪৪ শতাংশলৈ বৃদ্ধি হৈছে। মচুৰ দাইল (সৰু) ২০২০ চনৰ মাৰ্চ মাহত প্ৰতিকিলোৰ দাম আছিল ৮০-১০০ টকা। বৰ্তমান ইয়াৰ মূল্য ১৮-১০৪ টকালৈ বৃদ্ধি হৈছে। খুচুৰা বজাৰত সেই দাইলৰ দাম ২২.৫০ শতাংশলৈ বৃদ্ধি পাইছে। প্রতিকিলো বুটৰ দাইলৰ দাম ২০২০ চনত আছিল ৫৭-৭০টকা। এই মূল্য বর্তমান ৭০-৮০ টকালৈ বৃদ্ধি হৈছে। অর্থাৎ সর্বাধিক ২২.৮১ শতাংশলৈ বুটৰ দাইলৰ মূল্য বৃদ্ধি ঘটিছে। ইফালে ২০২০ চনত প্ৰতিকিলো পিঁয়াজৰ মূল্য আছিল ১৮-৩৬ টকা। বর্তমান প্রতিকিলো পিঁয়াজৰ মূল্য ৩৪-৪১ টকালৈ বৃদ্ধি হৈছে। প্ৰায় ৮৮.৮৯ শতাংশলৈ মূল্যবৃদ্ধি ঘটিছে পিঁয়াজৰ। আলুৰ ক্ষেত্ৰতো ২০২০ চনত প্ৰতিকিলো আলুৰ মূল্য আছিল ১৬-২০ টকা। বর্তমান খুচুৰা বজাৰত প্ৰতিকিলো আলুৰ ২১ টকালৈ দাম বৃদ্ধি ঘটিছে। ৰহৰ দাইলৰ প্ৰতিকিলোৰ মূল্য ২০২০ চনত আছিল ৭২ ৯৩ টকা। বর্তমান এই মূল্য ৯৫-১০৭লৈ বৃদ্ধি পাইছে। প্রায় ৩১.৯৪ শতাংশলৈ বৃদ্ধি হৈছে ৰহৰ দাইলৰ দাম। আনহাতে, ২০২০ চনত প্ৰতিকিলো আটাৰ খুচুৰা মূল্য আছিল ৩৪ টকা। অৱশ্যে বৰ্তমান ইয়াৰ প্ৰতিকিলোৰ দাম ৩০ টকালৈ হ্রাস হৈছে। প্রায় ১৩.৩৩ শতাংশ হ্রাস পাইছে আটাৰ মূল্য। বিধানসভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰে যে খাদ্য-সামগ্ৰীৰ দাম দাম বৃদ্ধি হ্ৰাস কৰিবলৈ যোগান বিভাগে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি জিলা উপায়ুক্তসকলক খাদ্য-সামগ্ৰীসমূহৰ পৰ্যাপ্ত মজুতকৰণ আৰু মূল্য স্থিৰ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। খাদ্য-সামগ্ৰীসমূহৰ মূল্য যাতে ব্যৱসায়ীয়ে বৃদ্ধি ঘটাব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে দাম বৃদ্ধি ঘটোৱা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো নির্দেশ দিয়া হৈছে।