বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাগড় থানাত এজাহাৰ
মানসিক ভাৰসাম্য সন্তুলন হেৰুৱাই পেলাইছে ভৱেশ কলিতাই- ৰাতুল কলিতা
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰদেশ কংগ্ৰেছৰ চচিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাৰ নেতৃত্বত এক প্ৰতিনিধিৰ দলে ভঙাগড় থানাত ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে এক এজাহৰ দাখিল কৰে। ১৯ ছেপ্টেম্বৰত ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাই ৰঙিয়াৰ দিপ্তেশ্বৰি ৰাজহুৱা হৰিমন্দিৰ প্ৰাংগনত অনুষ্ঠিত ৰাজহুৱা সভাত তেওঁৰ নিজৰ ভাষণত অৰুণোদয় আঁচনিৰ হিতাধিকাৰি সকলক উদ্দেশ্যি কৈছে কেৱল বিজেপি সদস্যইহে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। মিছকল যোগে বিজেপিৰ সদস্য ভৰ্তি প্ৰক্ৰিয়াত ব্যৱহৃত বিশেষ নম্বৰত মিছ কল দিবলৈ এক প্ৰকাৰ ভাবুকি প্ৰদান কৰিছে নেতা গৰাকীয়ে। অৰুনোদয় আঁচনিৰ ধন মিছ কল দি বিজেপিৰ সদস্য ভৰ্তিৰ প্ৰমাণ পত্ৰ দাখিল কৰাটো বাধ্যতামূলক বুলি ভয় ভীতি খুৱাৱ বিচাৰিছে। সদস্য ভৰ্তিৰ প্ৰমাণ পত্ৰ দাখিল নকৰিলে অৰুণোদয় আঁচনিৰ ১২৫০ টকা লাভ নকৰে বুলি এক প্ৰকাৰ ধমকি দিছিল নেতা গৰাকীয়ে। বিজেপি সভাপতি গৰাকীৰ এনে দায়িত্বজ্ঞান হীন মন্তব্যই ৰাইজৰ সংবিধান প্ৰদত্ত অধিকাৰ খৰ্ব কৰিছে।ইয়াৰ প্ৰতিবাদ স্বৰূপে আৰু ৰাজহুৱা স্থানত এনে সংবিধান বিৰোধী মন্তব্য দিয়াৰ বাবে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এটি প্ৰতিনিধিৰ দলে ভঙাগড় আৰক্ষী থানাত গোচৰ ৰুজু কৰে। লগতে ভৱেশ কলিতাক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী কৰে। এজাহাৰ দাখিল কৰি প্ৰদেশ কংগ্ৰেছৰ চচিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই সাংবাদিকৰ আগত কয় যে বিজেপি সভাপতি ভৱেশ কলিতাই মানসিক সন্তুলন হেৰাই ৰাইজক ভয় ভাবুকি দি নিজৰ চকী বচাব বিচাৰিছে। ভৱেশ কলিতাৰ পৈতৃক সম্পত্তি বিক্ৰী কৰা ধনেৰে অৰুণোদয় আচঁনিৰ ধন দিয়া হোৱা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ পত্নীয়ে বেআইনীভাৱে আহৰণ কৰা সম্পত্তি বিক্ৰী কৰি পোৱা ধনেৰে ৰাজহুৱা আঁচনি প্ৰৱৰ্তন কৰা নাই। প্ৰতিটো চৰকাৰী আঁচনিৰ ধন ৰাইজৰ আৰু ৰাইজৰ ধনকেই ৰাজহুৱা আচঁনি জৰিয়তে হিতাধিকাৰি সকলক দিয়া হৈছে। ভৱিষ্যতে ভৱেশ কলিতাই যাতে এনেকুৱা নিম্ন ৰুচি সম্পন্ন আৰু সাধাৰণ ৰাইজক ভয় ভীতি দেখুওৱা মন্তব্য নকৰে, তাৰ বাবে সাৱধান থাকিবলৈ আহ্বান জনায়।গোচৰ দাখিল কৰাৰ সময়ত ৰাতুল কলিতাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি ৰূপা দেউৰী, সাধাৰণ সম্পাদক অৰুণ তিৱাৰী, সম্পাদক কৃদীপ বৰ্মন, গীতালি দাস, মানস প্ৰতীম তালুকদাৰ, এ টি হাবিব আহ্মেদকে ধৰি কিছু প্ৰতিনিধি উপস্থিত থাকে।