বিজেপি পৰিয়াল-পৰিচালিত দল নহয়, আহিবলগীয়া ৰাজ্যিক নিৰ্বাচনত জয়ী হ’ব: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

PC- the indian express

বিজেপি পৰিয়াল-পৰিচালিত দল নহয়, আহিবলগীয়া ৰাজ্যিক নিৰ্বাচনত জয়ী হ’ব: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা- কোভিড-১৯ৰ পাছত দিল্লীত বিজেপিৰ প্ৰথমখন ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ বৈঠক অনুষ্ঠিত হয়। প্ৰথমখন ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ বৈঠকত আগন্তুক পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলীয় কর্মকতাসকলক তৎপৰ হ’বলৈ আহ্বান জনাইছে। উত্তৰ প্রদেশ, পঞ্জাব, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰত হ’বলগীয়া বিধানসভা নির্বাচনক লৈ ইতিমধ্যে বিভিন্ন দলৰ মাজত আৰম্ভ হৈছে তৎপৰতা। এইক্ষেত্ৰত বিজেপি অধিক আগ্রাসী হৈ পৰিছে। পঞ্জাবৰ বাহিৰে আন চাৰিওখন ৰাজ্যৰ ক্ষমতাত আছে বিজেপি। বিজেপিয়ে গতিকে সকলো ধৰণৰ প্রত্যাহা শাসকীয় দল হিচাপে গ্রহণ কৰিবলগীয়া হ’ব পাৰে। গতিকে নিৰ্বাচনৰ বাবে এতিয়া দলীয় নেতা তথা কর্মীসকলে সম্মিলিতভাবে সাজু হোৱাৰ সময়। প্রধানমন্ত্রী মোদীৰ বক্তব্যত সেই কথাৰ সম্ভেদ পোৱা গৈছে। বিজেপিয়ে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকতে আগন্তক পঞ্জাব বিধানসভা নির্বাচনত ৰাজ্যখনৰ প্ৰতিটো সমষ্টিত প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। নির্বাচন বিষয়টোত নজৰ ৰাখি পাঁচখন ৰাজ্যৰ জনসাধাৰণৰ সৈতে দলীয় কর্মকর্তাসকলক সম্পর্ক স্থাপন কৰাৰ আহ্বান জনাইছে প্ৰধনামন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ বৈঠকত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে বিজেপি পৃথক কিয়নো ইয়াত “সেৱা, সংকল্প আৰু সমৰ্পণ(সেৱা, সংকল্প আৰু প্ৰতিশ্ৰুতি)”ৰ দ্বাৰা সংজ্ঞায়িত কৰা হৈছে আৰু  “এটা পৰিয়ালৰ চাৰিওফালে ঘূৰি নাথাকে”।ভার্চুৱেলীৰে অনুষ্ঠিত এই বৈঠকত বিজেপিশাসিত সকলো ৰাজ্য মুখ্যমন্ত্রীসকলে অংশগ্রহণ কৰে।বিধানসভা নিৰ্বাচনত দলৰ বিজয় নিশ্চিত কৰিবলৈ পঞ্জাব বিজেপি গোটৰ মুৰব্বী অশ্বানী শৰ্মাক বিশেষভাৱে তৎপৰতা গ্রহণ কৰিবলৈ জ্যেষ্ঠ কেন্দ্রীয় নেতাসকলে আহ্বান জনায়।