বিচিত্ৰ মন- জুৰি শইকীয়া

pc- Technology Networks

বিচিত্ৰ মন

জুৰি শইকীয়া

 

বৰ বিচিত্ৰ মানুহৰ মন । বহুতো উপমাৰে বিভূষিত আমাৰ মন । মন আটাইতকৈ বেগী, মন ৰণুৱা ঘোঁৰা, মন অপ্ৰতিৰোধ্য । যদিও মনক শৰীৰৰ এটা অংগ বুলি ক’ব নোৱাৰি অৰ্থাৎ শৰীৰৰ এইখিনি ঠাইতে আমাৰ মনটো আছে বা থাকে বুলি ক’ব নোৱাৰি তথাপিও মানুহজনে প্ৰতি মন এটা আছে । মন দূৰ্বাৰ, ঘনে ঘনে ৰং সলাব পাৰে মনে । গোটেই জীৱন জুৰি মনে পৰিচালিত কৰে জীৱনক । জীৱনৰ সুখ, দুখবোৰ মনে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে । মন সুখী হ’লেই সুখী আৰু মন দুখী হ’লেই মানুহ দুখী । ক’ৰবালৈ যাম নে নাযাম মনে ক’ব আমাক, আমাৰ ৰুচিৰ কথা, ভাল লগাটো কৰিম ভাল নলগাটো নকৰিম সেইবোৰ কথা মনে কয় আমাক, মনৰ মাজতে লুকাই আছে সুখ শান্তি আৰু সফল জীৱনৰ মন্ত্ৰ । সুন্দৰ সুন্দৰ অজস্ৰ অনুভৱ, তিতা কেহাঁ অভিজ্ঞতা, হাঁহি কান্দোন, শৈশৱ কৈশোৰ যৌৱনৰ দুখৰীয়া স্মৃতি সকলোবোৰ আজীৱন ভাৰ বৈ লৈ ফুৰাই মনে । মনটোৰ মাজতে পূঞ্জীভূত হৈ আছে কত ঐশ্বৰ্য বিভূতি । মনৰ কথাকে আমি আনৰ আগত ব্যক্ত কৰোঁ, মনৰ অনুভৱবোৰ লিখোঁ বা পঢ়ো, মনেই আমাক কেতিয়াবা আবেগিক কৰি তোলে, আমাৰ আবেগ নিয়ন্ত্ৰণো কৰে । মনটোক আমি কাবু কৰি ৰাখিব পাৰিলে বহুতো ঘটনা ঘটাৰ পৰা নিজকে বচাই ৰাখিব পাৰোঁ । মনটো প্ৰফুল্লিত কৰি ৰাখিব পাৰিলে নিজকে নিৰোগী কৰি ৰাখিব পাৰোঁ । যাৰ মন শক্তিশালী হয় , মনত যেতিয়া উদ্যমতা থাকে তেনে ব্যক্তি জীৱনত সফল হয়েই । “মন কৰিলেই চন, বাকৰি মাটিতে ধন” বুলি অসমীয়াত এষাৰ কথা আছে । মন আৰু লক্ষ্য স্থিৰ হ’লে মানুহে কৃতকাৰ্যতা লাভ কৰিবই । মন কৰিলেই কামত মনোযোগ আহে । মনোযোগেই দিয়ে সফলতা আৰু মন সংযোগ বিচ্ছিন্ন হ’লেই বিফলতাৰ লগতে কেতিয়াবা ডাঙৰ ঘটনাও ঘটিব পাৰে । নিৰ্মল, প্ৰফুল্ল , বিষাদিত, বেয়া, ব্যৰ্থিত, চঞ্চল ,উদাসী আদি বহুতো উপমাৰে বিভূষিতা হয় আমাৰ মন । আনহাতে অৱচেতন আৰু সচেতন এই দুটা ভাগতো ভাগ কৰা হয় মনক । সচেতন মনে ভাল বেয়া বিচাৰ কৰে, চিন্তা আৰু বিশ্লেষণেৰে যুক্তি প্ৰদৰ্শন কৰে তেনেদৰে সপোনে অৱচেতন মনৰ বতৰা দিয়ে । পৰিবৰ্তনশীল সময়ৰ লগত পৰিবৰ্তন হয় মন । কেতিয়াবা মনে আধুনিকতাৰ মেৰপেচত সোমাই জলাকলা খুৱাই মানুহক, আনৰ দেখিও কেতিয়াবা মন অশান্ত হৈ পৰে । বয়সৰ লগে লগে যেনেকৈ মানুহৰ অবয়ৱৰ সলনি হয় ঠিক তেনেকৈ সলনি হয় মানুহৰ মন । শিশু কালৰ মনটোৰ লগত ডেকা কালৰ বা বুঢ়া কালৰ মন নিমিলে । ডেকা কালত মন বৰ চঞ্চল হৈ উঠে যৌৱনৰ বা লাগে মনত, এইসময়ত মনক নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰিলে মনে মানুহক কি কি কাম কৰাই পেলাব ঠিকনা নাই । বুঢ়াকালত মন পৰিপক্ক হৈ উঠে যদিও বুঢ়া কালৰ মনটোক আকৌ শিশু কালৰ দৰে হৈ পৰে বুলি কয় । বহাগত যেনেকৈ মনত ৰং লাগে তেনেকৈ ফাগুনত উদাস হৈ ৰিঙা ৰিঙা লাগে মন । চাৰিওফালৰ পৰিবেশ, ঘটনা, নৈ-জান-জুৰি-নিজৰা চৰাই চিৰিকটি , গছ-লতাই আমাৰ মনৰ মাজত ক্ৰিয়া কৰে বাবেই সৃষ্টি হয় ন ন কবিতা, গল্প উপন্যাস । কবি জন মিল্টনে কৈছে “মানুহৰ মন সদায় একে ঠাইতে থাকে । কিন্তু এই মন বোলা অতি শক্তিশালী বস্তুটোৱে স্বৰ্গক নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে ।” চেতনা, চিন্তা, ইচ্ছা, আবেগ, কল্পনা আদি উপাদানৰ সংহতি আমাৰ মন ।‌ কিছুলোকে মনক মানুহৰ বাবে এক সম্পত্তি হিচাপে গণ্য কৰে । জড়বাদী দাৰ্শনিকসকলৰ মতে মানুহৰ মনৰ প্ৰবৃত্তি শৰীৰৰ পৰা ভিন্ন নহয় । বৰঞ্চ মানুহৰ মস্তিষ্কৰ পৰা উদ্ভূত শৰীৰবৃত্তিক কৰ্মৰ মাধ্যমেদিয়েই মন গঢ়ি উঠে । মনে আমাক নকৰাই কি নিনিয়ে ক’লৈ ? যেতিয়াই আমি কিবা এটা কৰি সন্তুষ্ট হওঁ তেতিয়াই আমাৰ মন সন্তুষ্ট হয়, বেয়া বা দোষণীয় কাম কিবা এটা কৰিলে মন বহুত দুখী হৈ পৰে । ৰঙীয়াল মন এটা সু-স্বাস্থ্যৰ বাহক ।

মনৰ শান্তি আৰু সুস্থ-সফল জীৱন দুয়োটাকে পৰিপূৰক বুলি ক’ব পাৰি । সেয়েহে আমি মনটোক চিন্তাশূণ্য আৰু নিয়ন্ত্ৰণ কৰি ৰখাটো খুবেই প্ৰয়োজন । কিতাপ পঢ়া, গান শুনা,মেডিটেচন কৰা আদি ভাল গুণবোৰৰ দ্বাৰা মনটোক শান্তিত ৰাখিব পাৰি । জীৱনটোক সহজভাৱে গ্ৰহণ কৰি মনক চাপ মুক্ত কৰি ৰাখিব লাগে ।