বিচিচিআইৰ নতুন সভাপতি হিচাপে ৰজাৰ বিন্নীক নিযুক্তি
ৰঙিলী বাৰ্ত্তাসেৱা- সৌৰভ গাংগুলীৰ ঠাইত ৰজাৰ বিন্নীক বিচিচিআইৰ নতুন সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। বিচিচিআইয়ে মুম্বাইৰ তাজ হোটেলত ইয়াৰ বাৰ্ষিক সাধাৰণ সভা (এজিএম) অনুষ্ঠিত কৰাৰ সময়ত সৌৰভ গাংগুলীয়ে ৰজাৰ বিন্নীক বিচিচিআইৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰে।ইয়াৰ পূৰ্বে গাংগুলীক আই পি এলৰ অধ্যক্ষৰ পদৰ প্ৰস্তাৱ দিয়া হৈছিল বুলি বাতৰি প্ৰকাশ পাইছিল যদিও তেওঁ অস্বীকাৰ কৰিছিল।