বিগত ১০ বছৰৰ তুলনাত ২০২০ চনত আত্মহত্যা কৰা লোকৰ সংখ্যা সর্বাধিক

pc The Hindu

বিগত ১০ বছৰৰ তুলনাত ২০২০ চনত আত্মহত্যা কৰা লোকৰ সংখ্যা সর্বাধিক

ৰঙিলী বাৰ্ত্তাসেৱা – নেচনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰ’ৰ পৰা প্রকাশ হোৱা ২০২০ৰ বাৰ্ষিক প্রতিবেদনৰ তথ্য অনুসৰি, ২০২০ চনত প্ৰতিদিনে গড়ে ৪১৮জনকৈ লোকে আত্মহত্যা কৰিছে। মুঠ আত্মহত্যা কৰা লোকৰ সংখ্যা ১,৫৩,০৫২। ঘাতক ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ১.৪৯ লাখে। বিগত ১০ বছৰৰ তুলনাত ২০২০ চনত আত্মহত্যা কৰা লোকৰ সংখ্যা সর্বাধিক। এই আত্মহত্যা কৰাৰ আঁৰত বিভিন্ন কাৰণ আছে, বিভিন্ন শ্রেণীৰ লোক আছে যদিও দৈনিক শ্ৰম কৰি খোৱা লোকৰ সংখ্যা অধিক। তথ্য মতে, ৩৭,৬৬৬জন দৈনিক শ্রমিকে বৰ্ষটোত আত্মহত্যা কৰিছে। ক’ভিড ১৯ লকডাউনৰ বাবেই দেশজুৰি সৰ্বাধিক দুর্বিষহ পৰিস্থিতিৰ সন্মুখীন হৈছিল দৈনিক হাজিৰা কৰা শ্রমিক। মহামাৰীৰ সময়ছোৱাত আত্মহননৰ হাৰ ১০ শতাংশ বৃদ্ধি পাইছে। দিন মজুৰি শ্ৰমিকৰ লগতে গৃহিণীসকলৰ আত্মহত্যাৰ হাৰো মহামাৰীৰ সময়ত বৃদ্ধি পাইছে। আন এটা কাৰণ ৰোগৰ বাবেও আত্মহত্যা কৰা লোকৰ সংখ্যা ১৭ শতাংশ। অর্থাৎ ২০২০ চনত এই কাৰণতেই ২৭,৬৩২জনে আত্মহননৰ পথ বাছি লৈছে। ১৬ হাজাৰ লোকৰ আত্মহত্যাৰ কাৰণ জনা নাযায়। ঠিক তেনেদৰে ১৫ হাজাৰ লোকৰ আত্মহত্যাৰ কাৰণ ৰহস্যজনক। লিংগভিত্তিক তথ্য জুকিয়াই চালে আত্মহত্যা কৰা লোকৰ ভিতৰত মহিলাতকৈ পুৰুষ অধিক। মুঠ আত্মহত্যা কৰা লোকৰ ভিতৰত প্ৰায় ৭১ শতাংশ পুৰুষ। এক লাখতকৈ অধিক পুৰুষে আত্মহত্যা কৰাৰ বিপৰীতে প্রায় ৪৫ হাজাৰ মহিলাই আত্মহত্যা কৰিছে। ২২জন তৃতীয় লিংগয়ো মহামাৰীৰ সময়ত আত্মহত্যা কৰিছে। ইপিনে মুঠ আত্মহত্যাৰ ৮ শতাংশৰ অধিক শিক্ষার্থী। ১২,৫২৬জন শিক্ষার্থীয়ে আত্মহত্যাৰ পথ বাছি লৈছে। আনপিনে কৃষিখণ্ডৰ লগত জড়িত ১০,৬৭৭জনে বৰ্ষটোত আত্মহননৰ পথ বাছি ল’বলগীয়া হৈছে। এন চি আৰ বিৰ তথ্য মতে, ২০১৯ চনৰ তুলনাত ২০২০ চনত এক লাখ জনসংখ্যাৰ ভিতৰত আত্মহত্যা কৰা লোকৰ সংখ্যা অধিক। ২০২০ চনত হাৰ ১১.৩ শতাংশ।