বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে মাজুলীবাসীৰ বহুদিনীয়া এক সপোন

Pc-Facebook

বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে মাজুলীবাসীৰ বহুদিনীয়া এক সপোন

ৰঙিলী বাৰ্ত্তাসেৱা-   ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মাজুলী-যোৰহাট সংযোগী দলঙৰ প্ৰথমটো খুটাঁ পুতা অনুষ্ঠানত উপস্থিত থাকি এই কাৰ্যৰ শুভাৰম্ভ কৰিছে। মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি অনুষ্ঠানৰ মঞ্চত সেৱা ল’লে মুখ্যমন্ত্ৰীয়ে।নতুন দলঙৰ খুঁটা নিৰ্মাণৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজুলীবাসীক পুনৰ দিলে প্ৰতিশ্ৰুতি। মুখ্যমন্ত্ৰীয়ে কয় যে,”মাজুলী-যোৰহাট সংযোগী দলং হ’বই।পৰা দুৰন্ত গতিত চলিব নিৰ্মাণৰ কাম।ক’ভিড বা আন মহামাৰীয়ে যদি দেখা নিদিয়ে তেন্তে ২০২৫ৰ নৱেম্বৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব দলংখন৷উল্লেখযোগ্য যে বহু আকাংক্ষিত দলংখনৰ কামৰ আৰম্ভণিক লৈ উৎফুল্লিত মাজুলীবাসী।দলংখন নিৰ্মাণৰ বাবে ৯২৫কোটিৰো অধিক টকা অনুমোদন জনোৱা হৈছে।দলংখনৰ মুঠ দৈঘ্য হব ৮০২৫মিটাৰ।লক্ষ্ণৌৰ এটা প্ৰতিষ্ঠানে নিৰ্মাণ কৰিব এই দলংখন।ইতিমধ্যে দলংখন নিৰ্মাণৰ বাবে বিভিন্ন সা-সামগ্ৰী আহি পৰ্যায়ক্ৰমে মাজুলী পাইছেহি।